গুৱাহাটীত অসমৰ যুৱ ক্ৰিকেটাৰসকলক দিক নিৰ্দেশনা দিব কুমাৰ ছাংগাকাৰাই

অসমৰ উদীয়মান ক্ৰিকেটাৰসকলে শ্ৰীলংকাৰ ক্ৰিকেট কিংবদন্তি কুমাৰ ছাংগাকাৰাৰ পৰা অমূল্য পথ প্ৰদৰ্শনৰ বাবে উৎসাহেৰে সাজু হৈছে।

শ্ৰীলংকাৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেনগৰাকীয়ে ১৬ মে’ত গুৱাহাটীত অসমৰ ১৬ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধৰ ক্ৰিকেটাৰৰ নিৰ্বাচিত গ্ৰুপৰ বাবে মেণ্টৰিং ছেছন অনুষ্ঠিত কৰাৰ কথা।

ৰাজস্থান ৰয়েলছৰ নেতৃত্বত লোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱ প্ৰতিভাৰ বিকাশ আৰু অসমৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেট তাৰকাক অনুপ্ৰাণিত কৰা।

অসমৰ ৰিয়ান পৰাগৰ দৰে খেলুৱৈৰ ক্ষেত্ৰত দেখা পোৱা লক্ষণীয় উন্নতিৰ পৰাই ছাংগাকাৰাক এই দায়িত্বলৈ অনাৰ সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়কঃ IPL 2024: পুনৰ সূৰ্যৰ উত্তাপ, বুমৰাহ-কোয়েৎজিৰ বলিং বিক্ৰমেৰে উজলিল মুম্বাই; ৯ ৰানত হৰুৱালে পঞ্জাৱক

ৰাজস্থান ৰয়েলছৰ চিইঅ’ জেক লুছ মেকক্ৰামে অঞ্চলটোৰ পৰা একেধৰণৰ সফলতাৰ কাহিনী তুলি অনাৰ বাবে ফ্ৰেঞ্চাইজিৰ প্ৰতিশ্ৰুতি সদৰী কৰে।

গুৱাহাটী ভ্ৰমণৰ সময়ত মেকক্ৰমে কয়, ‘অসমত এনেধৰণৰ খেলুৱৈ সৃষ্টি কৰিবলৈ আমি আগ্ৰহী।‘

তেওঁ কয়, ‘কুমাৰ ছাংগাকাৰাৰ সৈতে মেণ্টৰশ্বিপ ছেছন অনুষ্ঠিত কৰিলে যুৱ ক্ৰিকেটাৰসকলে শ্ৰেষ্ঠজনৰ পৰা শিকাৰ আৰু নিজৰ দক্ষতা বিকাশৰ এক অনন্য সুযোগ লাভ কৰিব। ক্ৰীড়াত তেওঁলোকৰ শ্ৰীবৃদ্ধি আৰু অগ্ৰগতিৰ বাবে ই অপৰিসীম লাভদায়ক হ’ব।”

ৰাজস্থান ৰয়েলৰ দ্বিতীয় ঘৰ গুৱাহাটীত ১৫ মে’ত পঞ্জাব কিংছৰ বিৰুদ্ধে আৰু ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ দুখন খেল অনুষ্ঠিত হ’ব।

লগতে পঢ়কঃ নিৰ্বাচনী হিংসা! ডিব্ৰুগড়ৰ ইণ্ডিয়া জোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ ঘনিষ্ঠ সহযোগীৰ গৃহত অগ্নিসংযোগ

যোৱা বছৰ গুৱাহাটীত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সময়ত দুখন মেচৰ সফল পৰিচালনাৰ পিছত উত্তৰ-পূবৰ দুৱাৰমুখ বুলি পৰিচিত মহানগৰীখনে চলিত বৰ্ষৰ মে’ মাহত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা দুখন মেচ খেলাৰ জৰিয়তে অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত পুনৰ আই পি এলৰ উন্মাদনাক আদৰণি জনোৱাৰ কথা।

গুৱাহাটীত অনুষ্ঠিত হোৱা আই পি এল মেচ সন্দৰ্ভত বক্তৱ্য ৰাখি ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে কয়, ‘যোৱা ছিজনত আই পি এল প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ অহাটো এক ডাঙৰ অভিজ্ঞতা আছিল। অনুৰাগীসকলে আমাৰ ৰয়েলছৰ প্ৰতি বিপুল আদৰণি আৰু মৰম দেখুৱাইছিল আৰু এই ছিজনত দলটোক পুনৰ নিজৰ ঘৰলৈ আদৰণি জনোৱাৰ বাবে আমি অসমবাসীক ধন্যবাদ জনাইছো।”

তেওঁ লগতে কয়, “দলটোৱে কেৱল ছিজনৰ সময়ছোৱাতে নহয়, বছৰটোৰ আন সময়তো তেওঁলোকৰ সমৰ্থন অনুভৱ কৰিছে। আমি বিশ্বাস কৰোঁ যে ক্ৰিকেটৰ বাতাবৰণটো হৈছে মহান ক্ৰীড়া আৰু মৰমৰ বাতাবৰণ, যিটো আমাৰ দলটোৱে মে’ মাহত খেলপথাৰত প্ৰত্যক্ষ কৰাৰ আশা কৰিছে।’

লগতে পঢ়কঃ গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কংগ্ৰেছ নেতাৰ এজাহাৰ দাখিল

অঞ্চলটোলৈ আই পি এল ঘূৰি অহাৰ প্ৰভাৱ সন্দৰ্ভত বৰঠাকুৰে কয়, ‘আমি আশাবাদী যে উত্তৰ-পূবলৈ ঘূৰি অহা আই পি এলে ক্ৰীড়া পৰিৱেশতন্ত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাত সহায় কৰিব আৰু জনসাধাৰণৰ মাজত এথলেটিক আৰু সক্ৰিয় জীৱনশৈলীৰ প্ৰসাৰ ঘটাব। আমি বিশ্বাস কৰোঁ যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ নিজেই ক্ৰীড়া জগতৰ অন্যতম আগশাৰীৰ নেতা হোৱাৰ সম্ভাৱনা আছে আৰু আই পি এলৰ প্ৰত্যাৱৰ্তনে সেই ৰূপান্তৰ ত্বৰান্বিত কৰিব।”