NORTHEAST NOW (Assamese)

ব্যতিক্ৰম! সম্পত্তি বিক্ৰী কৰি হ’লেও বৃক্ষৰোপণত হাৰ নমনা বিশ্বনাথৰ এজন প্ৰচাৰ বিমুখ ব্যক্তি

July 31, 2021 2:06 pm · কাজি জেইদুল ইছলাম
ফটো: নৰ্থইষ্ট নাও।

নিজৰ সম্পত্তি বিক্ৰী কৰি হ’লেও বৃক্ষৰোপণত হাৰ নমনা এজন ব্যক্তি হৈছে বিশ্বনাথ চাৰিআলিৰ বামগাঁওৰ কুমুদ বৰুৱা।

প্ৰসাৰ আৰু প্ৰচাৰৰ পৰা বিৰত থকা এইজন ব্যক্তিৰ বাবে আজি বিশ্বনাথ চাৰিআলিৰ নগৰৰ মাজমজিয়াৰ দৃশ্যপটেই সলনি হৈ পৰিছে।

এক কথাত বিশ্বনাথক সেউজীয়া কৰি তোলাৰ বাবে নিৰন্তৰ চেষ্টা চলাইছে এইজন ব্যক্তিয়ে। পেছাত এগৰাকী অধিবক্তা যদিও বৃক্ষৰোপণৰ বাবে তেওঁ বহু ত্যাগ কৰিলে।

সাধাৰণতে পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা দিনাখনেই সকলোৱে বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰে বা বিশেষ অনুষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। কিন্তু এইগৰাকী ব্যক্তিৰ বাবে প্ৰতিটো দিনেই যেন পৰিৱেশ দিৱস।

তেওঁৰ প্ৰচেষ্টাত তেজপুৰ চহৰেই নহয়, বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াৰ লগতে আহোম যুগৰ ঐতিহাসিক দেৱালয় সমৃদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাটতো ইতিমধ্যে ৰাজপথৰ দুয়োকাষে গছ পুলি ৰোপণ কৰি সম্পূৰ্ণ পৰিবেশ সলনি কৰাৰ এক ব্যতিক্ৰমী যাত্ৰা আৰাম্ভ হৈছে।

উল্লেখ্য যে সম্পূৰ্ণ নিজাববীয়া খৰচত শেষ উশাহ থকালৈকে ৰাইজৰ হৈ তথা মানৱ জাতিৰ হিতে কাম কৰি যোৱাৰ বাবে ইতিমধ্যে তেওঁ যেন নিজক প্ৰতিজ্ঞা বদ্ধ কৰি লৈছে।

এই মুহূৰ্তলৈকে নগৰ অঞ্চলৰ পৰা গ্ৰামাঞ্চল পৰ্যন্ত সৰ্বমুঠ ৩০০০ হেজাৰৰো অধিক গছ পুলি ৰুবলৈ সক্ষম হৈছে যাৰ বাবে তেওঁৰ এই প্ৰচেষ্টাৰ প্ৰতি অনুপ্ৰাণিত হৈ আগবাঢ়ি আহিছে নৱ প্ৰজন্ম‌ও।

Related News