নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত অভিযুক্ত হোৱা গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী কুনকি চৌধুৰীয়ে আজি পানবজাৰ আৰক্ষী থানাত হাজিৰ হৈ নিজৰ ভাষ্য প্ৰদান কৰে। বিজেপি কৰ্মী নৱ লহকৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জাৰি কৰা চমন মৰ্মে আজি পুৱা ১১ বজাত প্ৰাৰ্থীগৰাকী তদন্তকাৰী বিষয়াৰ সন্মুখত উপস্থিত হয়। জেৰাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ চৌধুৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ‘ভিত্তিহীন’ বুলি অভিহিত কৰাৰ লগতে দেশৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে।
পানবজাৰ আৰক্ষী থানাত ভাষ্য প্ৰদান কৰাৰ পাছত কুনকি চৌধুৰীয়ে সাংবাদিকৰ আগত কয় যে তেওঁৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰা হৈছে, সেই সন্দৰ্ভত নিজৰ পক্ষ স্পষ্ট কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু আছিল। তেওঁ উল্লেখ কৰে যে আৰক্ষীয়ে সোধা-পোছাৰ বাবে মাতি পঠোৱাত তেওঁ সন্তুষ্টিহে লাভ কৰিছে, কাৰণ ইয়াৰ জৰিয়তে তেওঁ নিজৰ চৰকাৰী বিবৃতি (Statement) দাখিল কৰাৰ সুযোগ পালে। প্ৰাৰ্থীগৰাকীৰ মতে, নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ যি অভিযোগ অনা হৈছে সেয়া সম্পূৰ্ণৰূপে মিছা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। তেওঁ দৃঢ়তাৰে কয় যে তদন্তত সত্যটো অতি সোনকালেই পোহৰলৈ আহিব।
প্ৰসংগক্ৰমে কুনকি চৌধুৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ পৰিস্থিতিটোক লৈ তেওঁ ইতিমধ্যে কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল। তেওঁৰ অভিযোগৰ গুৰুত্ব বুজি প্ৰশাসনে সেইদিনাই বিয়লি এক ৰাজহুৱা জাননীও জাৰি কৰিছিল। বিৰোধী প্ৰাৰ্থীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে তেওঁৰ বিৰুদ্ধে যি দৰে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তেওঁ নিজে ক্ৰাইম ব্ৰাঞ্চত দিয়া এজাহাৰৰ ক্ষেত্ৰত তেনে কোনো অগ্ৰগতি হোৱা নাই। বিশেষকৈ তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰা ‘এআই’ (AI) প্ৰযুক্তিৰ ভুৱা ভিডিঅ’ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাটো ৰহস্যজনক বুলিও তেওঁ মন্তব্য কৰে।





