ইউক্ৰেইনৰ কি কি অঞ্চল দখল কৰিলে ৰাছিয়াই? কিভে প্ৰকাশ কৰিলে বিশেষ মানচিত্ৰ

ৰাছিয়াৰ সেনাই ইউক্ৰেইনত চলোৱা আক্ৰমণে দ্বাদশ দিনত প্ৰৱেশ কৰিলে। এনে সময়তে ৰাছিয়াই ইউক্ৰেইনৰ বহু চহৰ দখল কৰা বুলি দাবী কৰিছে। যুদ্ধৰ ১১ টা দিনত ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ কি কি অঞ্ডল দখল কৰিবলৈ সক্ষম হৈছে তাৰ এখন বিশেষ মানচিত্ৰ প্ৰকাশ কৰিছে ইউক্ৰেইনে।

ইউক্ৰেইনৰ সংস্কৃতি আৰু তথ্য মন্ত্ৰালয়ৰ অধীনস্থ কৌশলগত যোগাযোগ আৰু তথ্য সুৰক্ষা কেন্দ্ৰই ৰাছিয়ান বাহিনীৰ নিয়ন্ত্ৰণাধীন অঞ্চলসমূহক সূচিত কৰা এখন মানচিত্ৰ ৰাজহুৱা কৰিছে। ‘পুটিনৰ যুদ্ধ: দৈনিক খতিয়ান’ বুলি শিৰোনাম দিয়া এই মানচিত্ৰখনে দেখুৱাইছে যে ক্ৰেমলিনে যুদ্ধ বিধ্বস্ত পূৱ ইউৰোপীয় দেশখনৰ উত্তৰ, দক্ষিণ, পূব অঞ্চলত কোনো ধৰণৰ নিয়ন্ত্ৰণ সাৱস্ত্য কৰিবলৈ সক্ষম হোৱা নাই। টুইটাৰৰ জৰিয়তে ইউক্ৰেইনৰ ষ্ট্ৰাটকম কেন্দ্ৰই শ্বেয়াৰ কৰা এই বিশেষ মানচিত্ৰত ৰাছিয়াৰ সেনা তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হোৱা অঞ্চলসমূহ হৈ ৰঙা ৰঙেৰে চিহ্নিত কৰা হৈছে।

ইউক্ৰেইনৰ কৰ্তৃপক্ষই ৰাজহুৱা কৰা মানচিত্ৰৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ৰাছিয়াৰ বাহিনীয়ে পুটিনৰ নিৰ্দেশত ইউক্ৰেইনৰ উত্তৰ আৰু উত্তৰ-পূব অঞ্চলত প্ৰৱেশ কৰিছে আৰু ৰাজধানী চহৰ কিভক বিভিন্ন দিশৰ পৰা আগুৰি ধৰিবলৈ সক্ষম হৈছে। ৰাছিয়াই কিভ দখল কৰাৰ প্ৰচেষ্টা চলাই আছে যদিও ইউক্ৰেইনৰ সেনাৰ প্ৰতিৰোধৰ বাবে সফল হ’ব পৰা নাই।

ক্ৰেমলিনৰ বাহিনীয়ে উত্তৰ ইউক্ৰেইনৰ বহুতো গুৰুত্বপূৰ্ণ চহৰ ঘেৰি ধৰিছে আৰু মানচিত্ৰ খনৰ মতে কিয়েভৰ ফালে আগবাঢ়ি গৈ আছে। ক্ৰেমলিনৰ বাহিনীৰ সৈতে যুঁজিবলৈ অস্ত্ৰ তুলি লোৱা অসামৰিক লোকসকলৰ তীব্ৰ প্ৰতিৰোধৰ বাবে ৰাছিয়াৰ চেৰনিহিভ দখলৰ কৰাত সফল হোৱা ৰাছিয়াৰ বাহিনী।

ৰাজধানী কিভ চহৰৰ পূবৰ অঞ্চলবোৰৰ মাজেৰে চুমি পৰ্যন্ত ৰাছিয়াৰ সেনাই আগুৱাই যাবলৈ সক্ষম হৈছে।
কিয়েভত যোৱা ২৪ ঘণ্টাত বিস্ফোৰণ, হত্যা আৰু বোমা বিস্ফোৰণৰ কোনো ঘটনা ঘটাৰ খবৰ পোৱা হোৱা নাই।