বাঙালী-অসমীয়াৰ সম্পৰ্কত ব্যাঘাত নজন্মাবলৈ বিধায়ক শিলাদিত্য দেবক সকীয়নি লাচিত সেনাৰ

Lachit Sena pmt

সংবাদমেল সম্বোধন কৰি লাচিত ,সেনাৰ নেতৃত্ব।

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কুচকাৱাজ চলাই থকাৰ সমান্তৰালকৈ বিষয়টোক লৈ মন্তব্য কৰিবলৈ গৈ প্ৰায়েই বিতৰ্কিত মন্তব্য কৰি আহিছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেব। অসমৰ খিলঞ্জীয়া ৰাইজৰ লগতে বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় দল-সংগঠনে চলাই অহা আন্দোলনক তাচ্ছিল্য কৰিও বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি আহিছে বিজেপিৰ বিধায়কজনে।

কিন্তু এইবাৰ বিধায়ক শিলাদিত্য দেবক উচটনিমূলক মন্তব্যৰে অসমৰ বাংলাভাষী আৰু অসমীয়াভাষীৰ মাজত অশান্তিৰ বীজ নিসিঁচিবলৈ সকীয়াই দিছে লাচিত সেনাই। সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ নেতৃত্বই বিধায়কজনক এইদৰে সকীয়নি প্ৰদান কৰে।

লগতে সংগঠনটোৱে ২৩ অক্টোবৰত ৪৬টা সংগঠনে আহ্বান জনোৱা ‘অসম বন্ধ’ৰ প্ৰতি পূৰ্ণ সমৰ্থন থকা বুলি মন্তব্য কৰে।

সংগঠনটোৰ নেতৃত্বই কয়, “বাংলাদেশীৰ বোজা কেতিয়াও অসমে ল’ব নোৱাৰে। ‘অসম চুক্তি’ অনুসৰি অসমে ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত বিদেশীৰ বোজা মানি লৈছেই, গতিকে তাৰ পাছত অহা হিন্দুৱেই হওক বা মুছলমানেই হওক কোনো লোককে খিলঞ্জীয়া ৰাইজে মানি নলয়।”

সংগঠনটোৱে লগতে এই বিধেয়কৰ দ্বাৰা চৰকাৰে অসমৰ থলুৱা ৰাইজৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ চেষ্টা কৰা বুলিও মন্তব্য কৰে।

ইয়াৰ উপৰি অহা ১৭ নৱেম্বৰত ২৬টা বাঙালী সংগঠনে আয়োজন কৰা গণ সমাবেশৰো তীব্ৰ বিৰোধিতা কৰে সংগঠনটোৱে। লগতে এই সমাৱেশ বাতিল কৰিবলৈ দাবী জনায়।