আধাৰ কাৰ্ড নহ’লেও ভোটদানৰ অধিকাৰত কোনো প্ৰভাৱ নপৰে: নিৰ্বাচন আয়োগ

New-Aadhar-Card-Apply-1140x570

প্ৰতিনিধিত্বমূলক ফটো

নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই অলপতে কৈছে যে যাৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ প্ৰত্যাখ্যান কৰা নহয়।

ৰাষ্ট্ৰীয় কাকত হিন্দুস্তান টাইমছক দিয়া এক সাক্ষাৎকাৰত লাভাছাই কয় যে ভোটদানৰ অধিকাৰ ৰিপ্ৰেজেন্টেশ্যন অফ দ্য পীপলছ এক্ট ১৯৫১’ৰ অধীনত নিশ্চিত কৰা হৈছে।

‘’আপোনাৰ যদি আধাৰ কাৰ্ড নাই, ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ভোট দিব নোৱাৰে,’’-তেওঁ লগতে কয়।

কেন্দ্ৰীয় চৰকাৰে অলপতে নিৰ্বাচন আয়োগৰ পৰা আধাৰ কাৰ্ডক ভোটাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ বাবে এক প্ৰস্তাৱ লাভ কৰাৰ কথা প্ৰকাশ কৰাৰ পাছতে লাভাছাৰ এই মন্তব্য আহিছে।

নিৰ্বাচন আয়োগৰ এই দুয়োখনক লিংক কৰাৰ উদ্দেশ্যটো হৈছে যাতে ভোটাৰ তালিকাৰ পৰা নকল অন্তৰ্বুক্ত আঁতৰ কৰিব পৰা যায়।

বুধবাৰে সংসদত বিজেপি বিধায়ক সুধীৰ গুপ্তাই সোধা এক পোনপোটীয়া প্ৰশ্নৰ উত্তৰত আইন মন্ত্ৰ্যালয়ে জনায় যে ভোটাৰ আই ডিৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰাৰ সিদ্ধান্তটো বিবেচনাধীন হৈ আছে।

‘’এক ত্ৰুটী মুক্ত ভোটাৰ তালিকা প্ৰস্তুতি নিশ্চিত কৰিবলৈ আৰু নকল অন্তৰ্ভুক্তি ৰোধ কৰিবলৈ ভোটাৰৰ তথ্যৰ সৈতে আধাৰ চিষ্টেমৰ লিংক সম্ভৱ কৰিবলৈ  ৰিপ্ৰেজেন্টেশ্যন অফ দ্য পীপলছ এক্ট ১৯৫১’ৰ সংশোধন ঘটোৱাৰ এক প্ৰস্তাৱ নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা হৈছে,’’-আইন মন্ত্ৰ্যালয়ে লগতে কয়।

নিৰ্বাচন আয়োগৰ প্ৰস্তাৱ অনুসৰি, ৰিপ্ৰেজেন্টেশ্যন অফ দ্য পীপলছ এক্ট সংশোধন হোৱা উচিত যাতে নিৰ্বাচনী পঞ্জীয়ন বিষয়াই ভোটাৰসকলৰ লগতে ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰা সকলৰ পৰা আধাৰ নম্বৰ বিচাৰিব পাৰে।