NORTHEAST NOW (Assamese)

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

June 4, 2025 1:13 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ বাবে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে নতুন সংৰক্ষণ আৰু বাসস্থান নীতি ঘোষণা কৰে। নতুন নিয়ম অনুসৰি ৮৫ শতাংশ চৰকাৰী চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষিত হ’ব আৰু লাডাখ স্বায়ত্ত শাসিত পাহাৰ উন্নয়ন পৰিষদৰ মুঠ আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত হ’ব। লাডাখৰ স্থানীয় ৰাইজৰ ভাষা, সংস্কৃতি আৰু ভূমি সুৰক্ষাৰ দাবীৰ প্ৰতি লখ্য ৰাখি এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰিছে।

চৰকাৰী অধিসূচনা অনুসৰি যদি কোনোবাই ১৫ বছৰ লাডাখত বসবাস কৰি বা সাত বছৰ পঢ়া-শুনা কৰি ইয়াৰ কোনো শিক্ষানুষ্ঠানৰ পৰা দশম বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেন্তে তেওঁ এই সংৰক্ষণৰ অধীনলৈ আহিব। ইয়াৰ উপৰিও লাডাখৰ সৰ্বভাৰতীয় সেৱা, পি এছ ইউ, স্বায়ত্তশাসিত সংস্থা, কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠানত ১০ বছৰ কাম কৰাসকলেও সংৰক্ষণৰ বাবে যোগ্য হ’ব। তদুপৰি লাডাখত ইংৰাজী, হিন্দী, উৰ্দু, ভোটি আৰু পূৰগী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে লাডাখক জম্মু-কাশ্মীৰৰ পৰা সম্পূৰ্ণ পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তুলাৰ সুবাদতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লাডাখত চৰকাৰী চাকৰি বা পঢ়া-শুনাত সংৰক্ষণৰ আইনখনক চূড়ান্ত অনুমোদন প্ৰদান কৰিছে। আইনখনত উল্লেখ আছে যে চৰকাৰী চাকৰিত লাডাখবাসীয়ে ৮৫ শতাংশ সংৰক্ষণ লাভ কৰাৰ উপৰিও আৰ্থিকভাৱে পিছপৰা অংশই লাভ কৰিব ১০ শতাংশ সংৰক্ষণ। ২ জুনত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাত নৰেন্দ্ৰ মোদী চৰকাৰে ২০০৪ চনৰ আইনখনৰ সংশোধনী আনিছে বুলি উল্লেখ কৰিছে। এই সংশোধনী অনুসৰি চৰকাৰী পদ এটা প্ৰয়োজনীয় প্ৰাৰ্থীয়ে পূৰণ নকৰিলে তিনি বছৰ খালী ৰখা হ’ব।

লাডাখৰ অন্যান্য স্থানীয় ভাষা যেনে শ্বিনা (দৰ্দিক), ব্ৰস্কাট (দৰ্দিক), বাল্টি আৰু লাডাখীৰ প্ৰচাৰ আৰু বিকাশৰ বাবে বিশেষ প্ৰচেষ্টা চলোৱা হ’ব  বুলিও ঘোষণা কৰিছে।  

প্ৰসংগক্ৰমে ২০১৯ চনত ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল হোৱাৰ পিছৰে পৰা লাডাখৰ ৰাইজে নিজৰ ভাষা, সংস্কৃতি আৰু ভূমি ৰক্ষাৰ বাবে সাংবিধানিক সুৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অৱশেষত লাদাখৰ জনসাধাৰণৰ দাবীত হাৰ মানিলে কেন্দ্ৰই।

Related News