• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লখিমপুৰ খেৰী হত্যাকাণ্ড গোচৰৰ ৰায়ৰ বাবে সময় বিচাৰিলে আদালতে: গোচৰক গুৰুতৰ আখ্যা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2022 7:44 pm
Lakhimpur Kheri Case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক কাণ্ডৰ আদেশ ঘোষণাৰ বাবে কিছুদিনৰ সময় বিচাৰিছে লখিমপুৰৰ সত্ৰ ন্যায়ালয়ে। ইফালে উচ্চতম ন্যায়ালয়েও সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশক বিচাৰ সম্পূৰ্ণ কৰাৰ অস্থায়ী সময়সূচী নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে।

শীৰ্ষ ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন আবেদনৰ বিৰোধিতা কৰি খেৰী হত্যাকাণ্ড গোচৰক গুৰুতৰ বিষয় বুলি অভিহিত কৰে আৰু কৃষকক মহতীয়াই নিয়া বাহনখনত থকা তিনিগৰাকী আৰোহীৰ হত্যাৰ দ্বিতীয় গোচৰৰ স্থিতি সন্দৰ্ভত এখন শপতনামা দাখিল কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছে।

Apply Now

ন্যায়াধীশ সূৰ্য কান্ত আৰু কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে আজি কয়, “আমি চাব লাগিব যে এবছৰতকৈও অধিক সময় কাৰাগাৰৰ ভিতৰত থকা অভিযুক্তজনৰো অধিকাৰ আছে। এতিয়া অভিযোগপত্ৰ দাখিল কৰা হৈছে আৰু অভিযোগ প্ৰস্তুত কৰা হৈছে। গোচৰৰ ভুক্তভোগী আৰু সাক্ষীসকলৰো অধিকাৰ আছে। আনকি সমাজৰো গোচৰটোৰ প্ৰতি আগ্ৰহ আছে। এতিয়া, আমি গোচৰটোৰ সকলো পক্ষৰ অধিকাৰ সন্তুলিত কৰিব লাগিব।”

আগন্তুক বৰ্ষৰ ১১ জানুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

উল্লেখ্য যে যোৱা ৬ডিচেম্বৰত বিচাৰ আদালতে এই গোচৰৰ মূল অভিযুক্ত আশীষ মিশ্ৰসহ আন ১২ গৰাকী অভিযুক্তৰ বিৰুদ্ধে হত্যা, অপৰাধমূলক ষড়যন্ত্ৰকে ধৰি আন কেইবাটাও অপৰাধৰ অভিযোগ আৰোপ কৰিছিল। ইয়াৰ ফলত গোচৰৰ বিচাৰ আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছিল।

আদালতে লগতে আশীষ মিশ্ৰৰ লগতে এই হত্যাকাণ্ডৰ সৈতে জড়িত সকলো অভিযুক্তৰ বিৰুদ্ধে বিচাৰ চলোৱা হ’ব বুলি নিশ্চিত কৰিছিল। উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ আদেশক ৰদ কৰি আশীষ মিশ্ৰক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়াৰ পিছত যোৱা ২৪ এপ্ৰিলত মিশ্ৰই ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই ২০২১ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী অঞ্চলত গাড়ীৰে মহতীয়াই ৪ জন প্ৰতিবাদকাৰী কৃষকক হত্যা কৰিছিল বুলি অভিযোগ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মিশ্ৰক ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

এলাহাবাদ উচ্ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে খেৰীত নিহত কৃষক সকলৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ইয়াৰ পিছত ১৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন বাতিল কৰি এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

এক শুনানিৰ সময়ত, শীৰ্ষ আদালতে মিশ্ৰাক জামিন প্ৰদান কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে ইয়াৰ অধিকাৰ ক্ষেত্ৰ অতিক্ৰম কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ২৪ এপ্ৰিলত পুনৰ আত্মসমৰ্পণ কৰিছিল আশীষ মিশ্ৰই। ইয়াৰ পাছতো আশীষ মিশ্ৰই কেইবাবাৰো জামিন আবেদন দাখিল কৰিছিল যদিও তেওঁৰ আবেদন নাকচ কৰি আহিছে আদালতে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd