• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লখিমপুৰত গৰুৰ ছিণ্ডিকেটৰ ৰমৰমীয়া বেহা, নিশাৰ অন্ধকাৰত অব্যাহত আছে অবৈধ সৰবৰাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 1:50 pm
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ জিলাৰ বঙালমৰা বজাৰৰ পৰা এক সুসংগঠিত চক্ৰই অবৈধভাৱে গৰুৰ সৰবৰাহ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত জীৱ-জন্তুৰ অধিকাৰ ৰক্ষাৰ হকে কাম কৰা সংগঠন ‘পেটা ইণ্ডিয়া’ই ধাৰাবাহিকভাৱে অভিযোগ দাখিল কৰাৰ পিছতো কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়টোৱে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত একাধিকবাৰ লিখিত অভিযোগ প্ৰদান কৰাৰ পিছতো আৰক্ষী প্ৰশাসনে এই অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

নৰ্থইষ্ট নাওৰ হাতত পৰা তথ্য অনুসৰি, ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক তথা লখিমপুৰ জিলা আয়ুক্তক এই সন্দৰ্ভত কমেও তিনিখন আনুষ্ঠানিক অভিযোগপত্ৰ প্ৰদান কৰা হৈছিল। উক্ত অভিযোগপত্ৰসমূহত বঙালমৰা বজাৰৰ পৰা নগাঁৱলৈ বৃহৎ পৰিমাণৰ গৰুৰ অবৈধ সৰবৰাহ হোৱা বুলি দাবী কৰা হৈছিল। অভিযোগ অনুসৰি, প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ, পশু চিকিৎসাৰ স্বাস্থ্যৰ প্ৰমাণপত্ৰ বা পশুধন পৰিবহণৰ আইনসমূহ উলংঘা কৰি নিশাৰ ভাগত অভাৰল’ড ট্ৰাক আৰু পিকআপ বাহনত গৰুসমূহ কঢ়িয়াই নিয়া হয়।

Apply Now

পেটা ইণ্ডিয়াই দাবী কৰা মতে, বঙালমৰা আৰু ইয়াৰ আশে-পাশে থকা স্থানীয় বজাৰৰ পৰা গৰুসমূহ সংগ্ৰহ কৰি ভিতৰুৱা পথ আৰু ঘাইপথেৰে এক সুসংগঠিত আৰু পৰিকল্পিত অভিযানৰ জৰিয়তে সৰবৰাহ কৰা হয়। সৰবৰাহৰ সময়ত জীৱ-জন্তুসমূহক খাদ্য আৰু পানীৰ পৰা বঞ্চিত কৰি অতিকৈ নিষ্ঠুৰভাৱে বান্ধি নিয়া হয়, যাৰ ফলত গৰুসমূহে তীব্ৰ যন্ত্ৰণা আৰু দুৰ্দশা ভোগ কৰিবলগীয়া হয়। এই কাৰ্যই ১৯৬০ চনৰ জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা নিবাৰণ আইন, জীৱ-জন্তু পৰিবহণ বিধি, ভাৰতীয় ন্যায় সংহিতা আৰু পশুধন পৰিবহণ নিয়ন্ত্ৰণ কৰা কেন্দ্ৰীয় মটৰ বাহন বিধিৰ ১২৫ ই (Rule 125E) ধাৰা স্পষ্টভাৱে উলংঘা কৰিছে বুলি সংস্থটোৱে উল্লেখ কৰিছে।

এক গুৰুত্বপূৰ্ণ অগ্ৰগতি অনুসৰি, ২০২৬ চনৰ ২৮ জানুৱাৰীত পেটা ইণ্ডিয়াই দাখিল কৰা অভিযোগৰ ভিত্তিত প্ৰায় তিনিমাহৰ পাছত, অৰ্থাৎ ২৯ এপ্ৰিলত অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকে লখিমপুৰৰ আৰক্ষী অধীক্ষকলৈ অভিযোগসমূহৰ সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দি পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত পেটাই দাখিল কৰা আন এক অভিযোগৰ ভিত্তিত লখিমপুৰৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়ায়ো ২৮ জানুৱাৰীত আৰক্ষী অধীক্ষকক এক তদন্তৰ বাবে অনুৰোধ জনাইছিল। পিছে, পেটা ইণ্ডিয়া আৰু পশু চিকিৎসা কৰ্তৃপক্ষৰ পৰা একাধিক পত্ৰ লাভ কৰাৰ পিছতো অসম আৰক্ষীয়ে আজিকোপতি কোনো এজাহাৰ ৰুজু কৰা নাই বা কোনো বলবৎকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

সূত্ৰৰ পৰা জানিব পৰা মতে, লখিমপুৰৰ আৰক্ষী অধীক্ষকে মাহৰ পিছত মাহ ধৰি কোনো ফলপ্ৰসূ তদন্ত বা অভিযান চলোৱাৰ পৰিৱৰ্তে পত্ৰসমূহৰ ওপৰত কেৱল নীৰৱতা অৱলম্বন কৰি আহিছে। এই সন্দৰ্ভত পেটা ইণ্ডিয়াই ২০১৪ চনৰ উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানৰ কথাও উল্লেখ কৰিছে, য’ত ৰাজ্যিক কৰ্তৃপক্ষক পশু নিষ্ঠুৰতা আইন কঠোৰভাৱে বলবৎ কৰিবলৈ আৰু ইয়াক কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱা বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

নৰ্থইষ্ট নাওৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁক পোৱা নগ’ল। একেদৰে, এই নিষ্ক্ৰিয়তাৰ সন্দৰ্ভত অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ প্ৰেৰণ কৰা ইমেইলৰো প্ৰতিবেদন যুগুতাই উলিওৱা সময়লৈকে কোনো উত্তৰ পোৱা হোৱা নাই। বৰ্তমানলৈকে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী প্ৰশাসনৰ স্থিতি ৰহস্যজনক হৈ আছে আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰতিক্ৰিয়া লাভ কৰিলেহে বিষয়টো সন্দৰ্ভত চৰকাৰী স্থিতি স্পষ্ট হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd