• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰ খেৰী হিংসাত্মক ঘটনা: ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত আশীষ মিশ্ৰৰ বন্দুকেৰে কৰা গুলীবৰ্ষণৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2021 7:39 pm
Lakhimpur Kheri Case
217
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ পৰা জব্দ কৰা বন্দুকেৰে গুলীচালনা কৰা হৈছিল। ফৰেনচিক ৰিপ’ৰ্টত এই কথা পোহৰলৈ আহিছে।

অৱশ্যে, ৩ অক্টোবৰৰ লখিমপুৰ খেৰী হিংসাৰ সময় গুলী চালনা কৰা হৈছিল নে আন সময়ত গুলী চালনা কৰা হৈছিল সেই বিষয়ে নিশ্চিত হ’ব পৰা নাই ফৰেনচিক বিশেষজ্ঞ।

ফৰেনচিক চাইন্স লেবৰেটৰীয়ে জব্দ কৰা চাৰিটা ৰাইফলৰ বিশ্লেষণ কৰিছিল আৰু দেখিছিল যে ইয়াৰে আশীষ, আশীষৰ বন্ধু অংকিত দাস আৰু দাসৰ দেহৰক্ষী লতিফৰ বন্দুকৰ পৰা গুলী নিৰ্গত হৈছিল। দাসৰ সহযোগী সত্য প্ৰকাশৰ বন্দুক ওপৰত ফৰেনচিক ৰিপ’ৰ্টৰ ফলাফল বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই।

“আশীষৰ ৰাইফলটো তেওঁৰ পৰিয়ালে বিশেষ তদন্ত কমিটিক হস্তান্তৰ কৰিছিল। জব্দ কৰা চাৰিওটা মাৰণাস্ত্ৰ বেলিষ্টিক পৰীক্ষাৰ বাবে ফৰেনচিক লেবৰটৰীলৈ প্ৰেৰণ কৰা হৈছিল। আমি এতিয়া প্ৰতিবেদনখন পাইছো, য’ত কোৱা হৈছে যে তিনিটা অস্ত্ৰৰ পৰা গুলী নিক্ষেপ কৰা হৈছিল। আমি প্ৰমাণ হিচাপে প্ৰতিবেদনখন আদালতত দাখিল কৰিম।”— এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত জনায়।

উল্লেখ্য যে খেৰী কাণ্ডৰ কেইবাজনো প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছিল যে ৩ অক্টোবৰৰ ঘটনাৰ সময়ত মন্ত্ৰীপুত্ৰৰ কনভয়ৰ পৰা গুলী চালনা কৰা হৈছিল। এতিয়া ফৰেনচিক ৰিপ’ৰ্টে এই অভিযোগৰ আংশিক প্ৰমাণ কৰা বুলি ক’ব পাৰি।

উচ্চতম ন্যায়ালয়ে মঙলবাৰে উত্তৰ প্ৰদেশ চৰকাৰক তদন্তৰ লেহেমীয়া অগ্ৰগতিৰ বাবে ককৰ্থনা কৰিছিল। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্তক ৰক্ষা কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলিও সন্দেহ প্ৰকাশ কৰিছিল।

কৃষক নেতা আৰু বিৰোধী দলৰ সদস্যসকলে অজয় মিশ্ৰক তেওঁৰ পুত্ৰৰ হিংসাত্মক অপৰাধত জড়িত থকাৰ অভিযোগ থকা স্বত্বেও নিলম্বিত নকৰাৰ বাবে বিজেপিক সমালোচনা কৰি আহিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd