DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলা চলচ্চিত্ৰ পৰিচালিকাৰ বিৰুদ্ধে ৰুজু হ’ল দেশদ্ৰোহিতাৰ গোচৰ, কি অপৰাধ কৰিলে তেওঁ?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2021 4:40 pm
ayesha_571_855
317
VIEWS
Share on FacebookShare on Twitter

দেশৰ এগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকাৰ বিৰুদ্ধে এইবাৰ চৰকাৰে ৰুজু কৰিলে দেশদ্ৰোহিতাৰ গোচৰ।

লাক্ষাদ্বীপৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকা আয়েছা চুলতানাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দেশদ্ৰোহিতাৰ গোচৰ।কিন্তু কি দোষ কৰিছিল মহিলা চলচ্চিত্ৰ পৰিচালিকাগৰাকীয়ে?

কিছুদিন পূৰ্বে মালায়ালম টিভি চেনেল মিডিয়া ৱান টিভিৰ এক আলোচনাত ভাগ লৈছিল চলচ্চিত্ৰ পৰিচালিকাগৰাকীয়ে। অনুষ্ঠানত আয়েছা চুলতানাই কৈছিল যে লাক্ষাদ্বীপত ক’ৰ’না ভাইৰাছ চৰকাৰে ইচ্ছাকৃত ভাবে বিয়পাই দিছে।বিজেপি চৰকাৰে লাক্ষাদ্বীপত ক’ৰ’না ভাইৰাছক জৈৱিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিছে বুলিও আয়েছাই কৈছিল।

তেওঁ কৈছিল—’বিজেপি নেতাসকলে কৈ আহিছে কেন্দ্ৰই লাক্ষাদ্বীপৰ প্ৰতি গুৰুত্ব দিছে।কিন্তু এয়াই নেকি গুৰুত্বৰ নমুনা?য’ত ক’ৰ’না সংক্ৰমিতৰ সংখ্যা শূন্য আছিল তাত এতিয়া দৈনিক ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা এশ হৈছে।ক’ৰ’নাক তেওঁলোকে জৈৱিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিছে।ক’ৰ’না শূন্য এটা স্থানত তেওঁলোকে জৈৱিক অস্ত্ৰ প্ৰয়োগ কৰাটো সম্পূৰ্ণ সঁচা কথা’।

চীনে যিদৰে ক’ৰ’না ভাইৰাছক জৈৱিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বতে বিয়পাই দিছে, তেনেদৰে লাক্ষাদ্বীপতো এই ভাইৰাছ চৰকাৰে বিয়পাই দিছে বুলি আয়েছাই কৈছিল।

উক্ত অনুষ্ঠানটোত উপস্থিত আছিল বিজেপি নেতা বিজি বিষ্ণু। তেওঁ আয়েছাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল।

লাক্ষাদ্বীপ বিজেপিৰ সভাপতি আব্দুল কাদেৰেও আয়েছাৰ মন্তব্যৰ বিৰোধিতা কৰিছিল। ইমানৰ পিছতো নিজৰ মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰা আয়েছাৰ বিৰুদ্ধে বিজেপিয়ে কাবাৰাট্টি থানাত এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আয়েছাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২৪ ক ধাৰাত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰি আয়েছাক আটক কৰিছে।আয়েছাৰ বিৰুদ্ধে ১৫৩ খ ধাৰাতো গোচৰ ৰুজু হৈছে।

উল্লেখ্য লাক্ষাদ্বীপত বিজেপিয়ে প্ৰফুল্ল পেটেলক নতুন প্ৰশাসক হিচাবে দায়িত্ব অৰ্পন কৰাৰ পিছতে তাত ক’ৰ’নাৰ প্ৰকোপ বৃদ্ধি পোৱা বুলি অভিযোগ উঠিছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd