২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়া ‘এ’ৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এটা ডাঙৰ সিদ্ধান্ত লৈছে। ভাৰতৰ প্ৰাক্তন পেচাৰ লক্ষ্মীপতি বালাজীক ভাৰতীয় ‘এ’ দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।
পুডুচেৰীত অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাত ভাৰত ‘এ’ই দুখন মাল্টি ডে মেচ আৰু তিনিখন লিষ্ট-‘এ’ মেচ খেলিব। দলটোৱে দুয়োটা ফৰ্মেটত পৃথক অধিনায়কৰ নেতৃত্বত খেলপথাৰত অৱতীৰ্ণ হ’ব।
৪৪ বছৰীয়া লক্ষ্মীপতি বালাজীয়ে ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে খেলিছে। ২০০২ চনত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে। ২০১২ চনত তেওঁ ভাৰতৰ হৈ অন্তিমখন মেচ খেলিছিল। বালাজী এসময়ত ভাৰতীয় পেচ আক্ৰমণৰ গুৰুত্বপূৰ্ণ সদস্য আছিল। বালাজীয়ে যোৱা এটা দশক ধৰি প্ৰশিক্ষণৰ সৈতে জড়িত হৈ আছে।
বালাজীয়েআই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ দৰে সফল দলৰ বলিং প্ৰশিক্ষক হিচাপেও কাম কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ বেংগালুৰুৰ বি চি চি আই চেণ্টাৰ অৱ এক্সেলেন্সত প্ৰশিক্ষক হিচাপে যোগদান কৰে। এইবাৰ তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতীয় ‘এ’ দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে।
ইয়াৰ পূৰ্বে বালাজীয়ে ঘৰুৱা দল তামিলনাডুৰ মুখ্য প্ৰশিক্ষক হিচাপেও কাম কৰিছিল। ফলত অষ্ট্ৰেলিয়া ‘এ’ৰ বিৰুদ্ধে এই শৃংখলাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। দলটোতো এটা পৰিৱৰ্তন কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ অফ স্পিনাৰ টি বিজয়ে বিপ্ৰজ নিগমৰ স্থানত দলত প্ৰৱেশ কৰিছে।


