ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে

দেশৰ অন্যতম জনপ্ৰিয় তথা বয়োজেষ্ঠ ৰাজনৈতিক নেতা জে ডি ইউ মুৰব্বী লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ আজি ছিংগাপুৰত সফলতাৰে সম্পন্ন হয়। লালু পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে এক টুইটযোগে পিতৃৰ চিকিৎসা সম্পৰ্কত এই কথা ৰাজহুৱা কৰিছে।

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছত লালু প্ৰসাদ যাদৱক আই চি ইউ- লৈ স্থানান্তৰ কৰা হৈছে বুলি তেজস্বী যাদৱে লগতে কয়। আনহাতে পিতৃক বৃক্ক দান কৰা লালু যাদৱৰ ছিংগাপুৰ আবাসী কন্যা ৰোহিনী আচাৰ্যও পিছত সুস্থ হৈ উঠিছে বুলি সদৰী কৰিছে।

উল্লেখ্য যে, একাধিক স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লালু প্ৰসাদ যাদৱক ছিংগাপুৰত স্বাস্থ্য পৰীক্ষাৰ সময়ত কিডনী ট্ৰান্সপ্লাণ্ট কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। তাৰ পিছত ছিংগাপুৰ আবাসী তেওঁৰ কন্যা ৰোহিনী আচাৰ্যই পিতৃৰ জীৱন ৰক্ষাৰ্থে নিজৰ এটা বৃক্ক দান কৰিবলৈ আগবাঢ়ি আহিছিল।

লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ সহযোগী ভোলা যাদৱ, তেওঁৰ পুত্ৰ তেজস্বী যাদৱ আৰু তেওঁৰ ৰাজনৈতিক উপদেষ্টা সঞ্জয় যাদৱ, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু জ্যেষ্ঠ কন্যা মিছা ভাৰতী লালুৰ সৈতে বৰ্তমান ছিংগাপুৰত আছে।

স্মৰ্তব্য যে পশুখাদ্য কেলেংকাৰী গোচৰত অভিযুক্ত লালু প্ৰসাদ যাদৱ বৰ্তমান চিকিৎসাজনিত কাৰণত জামিনত আছে। ইতিপূৰ্বে কাৰাগাৰত ভৰ্তি হোৱাৰ পাছতে লালুক চিকিৎসাৰ বাবে কেইবাবাৰো দিল্লী আৰু ৰাঁচীৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

ডায়েবেটিছ, ৰক্তচাপ আৰু বৃক্কৰ সমস্যাকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ আছে জেষ্ঠ নেতাগৰাকী। বিগত মাহৰ আৰম্ভণিৰ ফালে স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাৰ পাছতে প্ৰায় মৃত্যুমুখৰ পৰা ঘূৰি আহিছিল লালু প্ৰসাদ যাদৱ।

ইফালে চিকিৎসকে তেওঁক বৃক্ক সংৰোপণৰ পৰামৰ্শ দিয়াৰ পিছত কন্যা ৰোহিনীয়ে বৃক্ক দান কৰাৰ সিদ্ধান্ত লয় যদিও প্ৰথম অৱস্থাত লালু প্ৰসাদ যাদৱে এই কথাত সন্মতি জনোৱা নাছিল। অৱশ্যে পিছত কন্যা ৰোহিনীৰ সিদ্ধান্তত সন্মতি জনাবলৈ বাধ্য হৈছিল লালু।

পিতৃক বৃক্ক দান কৰাৰ সিদ্ধান্ত ঘোষণা কৰি ৰোহিনীয়ে সামাজিক মাধ্যমৰ এক পোষ্টত লিখিছিল যে তেওঁ পিতৃক কেৱল মাংসৰ সৰু টুকুৰা এটাহে দিছে।

যোৱা মাহত ৰোহিনীয়ে টুইটটোত উল্লেখ কৰিছিল, “দেউতাৰ বাবে মই যিকোনো কাম কৰিব পাৰো। সকলো ভাল হৈ উঠাৰ বাবে অনুগ্ৰহ কৰি প্ৰাৰ্থনা কৰক আৰু পাপাই আকৌ এবাৰ নিজৰ কণ্ঠৰে গৰ্জন কৰি উঠক।”

 

ইফালে আজি জনপ্ৰিয় নেতাগৰাকীৰ চিকিৎসা সুকলমে হৈ যোৱাৰ পিছত দেশজুৰি থকা তেখেতৰ অসংখ্য অনুৰাগীৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে।