• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকাহ! নিযুক্তিৰ বিনিময়ত ভূমি উপঢৌকন গ্ৰহণৰ গোচৰত জামিন লাভ লালু পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2023 5:04 pm
Lalu Yadav
136
VIEWS
Share on FacebookShare on Twitter

ৰে’লৱেৰ চাকৰিত নিযুক্তিৰ বিনিময়ত ভূমি উপঢৌকন গ্ৰহণৰ গোচৰত অভিযুক্ত তথা তদন্তৰ সন্মুখীন হৈ থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱ, তেওঁৰ পত্নী ৰাবৰি দেৱী আৰু কন্যা মিছা ভাৰতীক আজি চিবিআই আদালতে জামিন প্ৰদান কৰে। আদালতে লগতে এই গোচৰৰ পৰৱৰ্তী শুনানি ২৯ মাৰ্চত গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে।

আজি গোচৰৰ শুনানিৰ বাবে হুইল চেয়াৰত বহি আদালত কক্ষত উপস্থিত হয় অসুস্থ লালু প্ৰসাদ যাদৱ। স্মৰ্তব্য যে, তিনিমাহ পূৰ্বে ছিংগাপুৰত কিডনী ট্ৰান্সপ্লাণ্ট কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আজি আদালতত হাজিৰ হয় জেষ্ঠ ৰাজনীতিবিগৰাকী।

উল্লেখ্য যে, লালু প্ৰসাদ যাদৱ, ৰাবৰি দেৱী, তেওঁলোকৰ কন্যা মিছা ভাৰতী আৰু পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক এই কেলেংকাৰীৰ গোচৰত জেৰা তথা তালাচী চলাই আছে দুই কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।

পূৰ্বৰ ইউ পি এ চৰকাৰৰ সময়ত ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত লালু প্ৰসাদ যাদৱ তথা তেওঁৰ পৰিয়ালৰ সদস্য আৰু কেইগৰাকীমান সম্পৰ্কীয় ব্যক্তিৰ বিৰুদ্ধে চাকৰিৰ বিনিময়ত ভূ-সম্পত্তি গ্ৰহণৰ অভিযোগ উত্থাপন হৈছে।

গোচৰৰ তদন্ত চলাই থকা চিবিআইয়ে চাৰ্জশ্বীটত নিয়ম উলংঘা কৰি ৰে’লৱেত অনৈতিকভাৱে নিযুক্তি দিয়া হৈছিল বুলি অভিযোগ কৰিছে। লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা, জালিয়াতি আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

বিগত বৰ্ষৰ জুলাই মাহত লালু যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ সহায়ক হিচাপে থকা ভোলা যাদৱক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। ইফালে, এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে দিল্লী, পাটনা, মুম্বাই আৰু ৰাঁচীৰ ২৪ টা স্থানত তালাচীৰ অন্তত লালু যাদৱৰ পৰিয়ালে লাভ কৰা সম্পত্তিৰ তালিকা প্ৰস্তুত কৰিছে।

চাকৰিৰ বিনিময়ত লালু প্ৰসাদ যাদৱৰ পৰিয়ালে অধিগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰা ভূমিৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় ২০০ কোটি টকা বুলি এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে এক বিবৃতিত প্ৰকাশ কৰিছে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd