লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ বাবে সময় ভাল নহয়। বিহাৰৰ নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ পৰাজয়। লালুৰ দল আৰজেডিও ইয়াৰ অংশ। ইফালে প্ৰবীণ ৰাজনীতিবিদজনৰ পৰিয়ালতো বিভাজন! ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে লালুৰ কন্যা ৰোহিনী আচাৰ্যই। তেঁও পৰিয়াল এৰি গৈছে। এই ঘোষণা ৰোহিনীয়ে নিজৰ এক্স হেণ্ডেলত কৰিছে।
কিছু মাহ পূৰ্বে লালুৱে ডাঙৰ পুত্ৰ তেজ প্ৰতাপ যাদৱক ৰাষ্ট্ৰীয় জনতা দলৰ পৰা বহিষ্কাৰ কৰিছিল। এতিয়া তেওঁৰ কন্যাও পাৰ্টি এৰি গৈছে। কিন্তু হঠাৎ কিয় এই সিদ্ধান্ত ল’লে ৰোহিণীয়ে? স্বামী ৰমিজ আলম আৰু ভাতৃ তেজস্বী যাদৱৰ ঘনিষ্ঠ সহযোগী সঞ্জয় যাদৱক দোষাৰোপ কৰিছে।
উল্লেখ্য যে, ২০২২ চনৰ ডিচেম্বৰ মাহত ছিংগাপুৰৰ এখন চিকিৎসালয়ত লালুৰ বৃক্ক সংৰোপণ কৰা হৈছিল। ৰোহিনীয়েই বৃক্কটো দেউতাকক দান কৰিছিল। এই কথা জনা যায়। ২৪ সংখ্যক লোকসভা নিৰ্বাচনত যাদৱ পৰিয়ালৰ চতুৰ্থ সন্তান হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল ৰোহিনীয়ে। যদিও সেই আৰম্ভণি শুভ নাছিল। বিহাৰৰ সাৰণ লোকসভা সমষ্টিৰ পৰা আৰজেডিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয় বৰণ কৰে।
অৱশ্যে জ্ঞাত সূত্ৰৰ মতে ৰোহিনীৰ এই সিদ্ধান্ত হঠাৎ হোৱা নাছিল। বিশেষজ্ঞসকলৰ মতে, দীৰ্ঘদিন ধৰি এই বিভাজন আছিল। ইতিমধ্যে কেইমাহমান পূৰ্বে ৰোহিনী আৰু দল আৰু পৰিয়ালৰ মাজত বিভাজন বৃদ্ধি পাইছিল। পিতৃ আৰু ভাতৃ তেজস্বী যাদৱকে ধৰি দলৰ প্ৰাক্তন হেণ্ডেলক ‘আনফ’ল’ কৰিছিল লালুৰ কন্যাই।




