বিহাৰত লালু পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ঐশ্বৰ্য ৰায়ে

শংকিত তেজ প্ৰতাপে সলনি কৰিব বিচাৰিছে সমষ্টি

aisharjya

এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব ঐশ্বৰ্য ৰায়ে।

লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজ প্ৰতাপ যাদৱৰ বিৰুদ্ধে মহুৱা সমষ্টিৰ পৰা ঐশ্বৰ্যই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

ঐশ্বৰ্য ৰাই বিহাৰৰ এটা চৰ্চিত নাম। লালু প্ৰসাদৰ পুত্ৰ তেজ প্ৰতাপ যাদৱৰ পত্নী ঐশ্বৰ্য ৰায়ৰ পিতৃ চন্দ্ৰিকা ৰাই বিহাৰৰ এজন প্ৰভাৱশালী ৰাজনীতিক।

২০১৮ চনত লালু পুত্ৰ তেজৰ সৈতে ঐশ্বৰ্য ৰায়ৰ বিয়া হৈছিল যদিও বিয়াৰ ৫ মাহ পিছতেই নানান অজুহাত উলিয়াই তেজ প্ৰতাপে ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰিছিল।

ইয়াৰ পিছতেই ঐশ্বৰ্য উভতি গৈছিল পিতৃ গৃহলৈ।

এনে কন্দলৰ বাবেই  আৰ জে ডিৰ নেতা চন্দ্ৰিকা ৰায়ে আৰ জে ডি ত্যাগ কৰি নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডত যোগদান কৰিছিল।

শেহতীয়াকৈ ঐশ্বৰ্যৰ পিতৃ চন্দ্ৰিকা ৰায়ে প্ৰকাশ কৰিছে যে তেওঁৰ কন্যাই তেজ প্ৰতাপৰ বিৰুদ্ধে নিৰ্বাচন খেলিব আৰু তেওঁক কৰা প্ৰৱঞ্চনাৰ যোগ্য প্ৰত্যুত্তৰ দিব।

পত্নীৰ এনে সিদ্ধান্তৰ কথা জানিব পাৰি এতিয়া থৰকাচুতি হেৰাইছে মহুৱা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তেজ প্ৰতাপৰ।

পত্নী ঐশ্বৰ্যই নিৰ্বাচন খেলি সমষ্টিটোত কেনে অঘটন ঘটাই তাৰ কোনো ঠিক নাই।

সেয়ে বিপদ এৰাই চলিবলৈ তেজ প্ৰতাপে তেওঁৰ সমষ্টিয়েই সলনি কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি তেজ প্ৰতাপে সমাগত বিধান সভা নিৰ্বাচনত মহুৱা সমষ্টিৰ সলনি হাছানপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।