বৰপেটা সদৰ থানাৰ অন্তৰ্গত গৰেমাৰী পথাৰত আজি পুৱাই সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড ৷
ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় এই হত্যাকাণ্ড।
আক্ৰমণৰ ঘটনাটোত এটা পক্ষৰ দুজনকৈ লোক মৃত্যু হয় ।
নিহত দুগৰাকী ক্ৰমে চুৰপান আলী আৰু জলিল আলী বুলি জানিব পৰা গৈছে ।
চৰকপাৰা গাঁওৰ পৰা অহা ৫০ জনীয়া এটি দলে গৰৈমাৰী গাঁওৰ চুৰপান আলীৰ ঘৰত আক্ৰমণ চলায় ৷
হাতত দা, জোং, লাঠী, কোৰ লৈ অহা দলটোৰ আক্ৰমণৰ বলি হৈ চুৰপান আলী আৰু জলিল আলীয়ে থিতাতে প্ৰাণ হেৰুৱায়।
ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
আৰক্ষীয়ে দুয়োজনৰে মৃতদেহ বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷