পাঁচ বছৰৰ আগৰ ঘটনাৰ পুনৰাবৃত্তি। উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ শিল কুৱেৰীত ভয়ংকৰ ভূমিস্খলনৰ খবৰ পোহৰলৈ আহিছে। শনিবাৰে বিয়লি পাহাৰৰ পৰা হঠাৎ শিল নামি অহাৰ বাবে শিলৰ কুৱেৰীৰ ভিতৰত বহু শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এই পৰ্যন্ত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলীৰ পৰিস্থিতি উদ্বেগজনক।
বিয়লি প্ৰায় ৩ বজাত ওব্ৰা থানা এলেকাৰ অন্তৰ্গত শিল কুৱেৰীটোত পাহাৰৰ ওপৰৰ পৰা হঠাতে এটা প্ৰকাণ্ড শিল বাগৰি পৰে। প্ৰাথমিক তথ্য অনুসৰি সেই সময়ত শিলৰ কুৱেৰীৰ প্ৰায় ১৫-১৮ জন শ্ৰমিকে ৪০০ ফুট দ কম্প্ৰেছাৰ মেচিনেৰে শিলত গাঁত খান্দি আছিল। ভূমিস্খলনৰ পিছত কোনো এজনো ওলাই অহা দেখা পোৱা নগ’ল।
ঘটনাৰ পিছতে স্থানীয় ৰাইজে তৎকালীনভাৱে থানাত খবৰ দিয়ে। উল্লেখযোগ্য যে সেইদিনা সোণভদ্ৰাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন বৈঠক আছিল। তেওঁৰ কাৰ্যসূচী শেষ হোৱাৰ কিছু সময়ৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাস্থলী মুখ্যমন্ত্ৰীৰ বৈঠকস্থলীৰ পৰা অলপ দূৰত বুলি জানিব পৰা গৈছে।
ইতিমধ্যে জিলা দণ্ডাধীশ বদ্ৰীনাথ সিং আৰু আৰক্ষী অধীক্ষক অভিষেক ভাৰ্মা উপস্থিত হৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে। এই স্থানলৈ ৰাওনা হৈছে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী।
মন কৰিবলগীয়া যে পাঁচ বছৰ পূৰ্বে একেটা অঞ্চলৰ এটা শিলৰ কুৱেৰী ভাঙি বহু শ্ৰমিকৰ মৃত্যু হৈছিল। আকৌ এবাৰ সেই ভয়ানক স্মৃতি সোণভদ্ৰলৈ ঘূৰি আহিল।




