DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মানুহে মাংস খোৱাৰ বাবেই হিমাচলত ভূমিস্খলন! আই আই টি সঞ্চালকৰ আজৱ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 9:46 pm
Himachal
2.5k
VIEWS
Share on FacebookShare on Twitter

জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰ ব্যৱহাৰ কৰাৰ বাবে তথা মানুহে মাংস খোৱাৰ বাবেই হিমাচল প্ৰদেশত ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণ ঘটিছে! এই অদ্ভুত বুলি দাবী কৰিছে আই আই টিৰ এগৰাকী সঞ্চালকে। আই আই টিৰ মণ্ডীৰ সঞ্চালক লক্ষ্মীধৰ বেহেৰাৰ এই মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ।

বেহেৰাৰ মতে, জীৱ-জন্তুক মাংসৰ বাবে হত্যা কৰা যদি বন্ধ নহয়, ভৱিষ্যতে হিমাচল প্ৰদেশৰ আৰু অধিক পতন হ’ব। হিমাচলত জীৱ-জন্তু হত্যা কৰি থকা হৈছে আৰু এই কাৰ্য পৰিৱেশৰ অৱক্ষয়ৰ সৈতে জড়িত বুলি দাবী কৰিছে সঞ্চালকগৰাকীয়ে।

ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি বেহেৰাই কয় যে, হিমাচলত বাৰে বাৰে ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আৰু বহু প্ৰাকৃতিক দুৰ্যোগ হৈছে আৰু এই সকলোবোৰ জীৱ-জন্তুৰ ওপৰত কৰা নিষ্ঠুৰতাৰ প্ৰভাৱ। মানুহে মাংস খোৱাৰ বাবে হিমাচলত এই অৱস্থা হৈছে।

তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক মাংস নাখাবলৈ প্ৰতিজ্ঞা কৰিবলৈও আহ্বান জনায়। আই আই টিৰ দৰে সংস্থাৰ সঞ্চালকৰ আসনত অধিস্থিত বেহেৰাৰ এই মন্তব্য এতিয়া সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

উদ্যোগী তথা আই আই টি দিল্লীৰ প্ৰাক্তন ছাত্ৰ সন্দীপ মনুধানে এক টুইট যোগে কয়, “পতন সম্পূৰ্ণ। এই অন্ধবিশ্বাসী মূৰ্খবোৰে ৭০ বছৰত দেশত যি অলপ নিৰ্মাণ হ’ল, সেইখিনি ধ্বংস কৰি পেলাব।”

উল্লেখ্য যে, এনে বিতৰ্কিত মন্তব্যৰে এইবাৰে প্ৰথমবাৰৰ বাবে যে বেহেৰাই বিতৰ্কৰ সৃষ্টি কৰিছে এনে নহয়। বিগত বৰ্ষতো তেওঁ পবিত্ৰ মন্ত্ৰ জপ কৰি দুষ্ট আত্মাৰ পৰা এক বন্ধুৰ এপাৰ্টমেণ্ট মুক্ত কৰা বুলি দাবী কৰি শিৰোনাম দখল কৰিছিল।

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd