লংকাইজানৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান: ৰাজনৈতিক আক্ৰোশৰ অভিযোগ

157-702x336

লংকাইজানৰ উচ্ছেদ অভিযান।

কার্বি আংলং জিলাৰ লংকাইজানত শ শ বিঘা মাটি বেদখল কৰি খেতি কৰি অহা   ভূমিৰ পৰা বেদখলকাৰীসকলক প্ৰশাসনে উচ্ছেদ কৰা কাৰ্যক ৰাজনৈতিক আক্ৰোশ বুলি অভিহিত কৰিছে একাংশ লোকে। শনিবাৰৰ পৰা প্ৰথমতে উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছিল যদিও ঘটনাস্থলীত উদ্ভৱ হোৱা হুলস্থুলীয়া পৰিৱেশৰ বাবে প্ৰশাসনে উচ্ছেদ বন্ধ কৰিবলগীয়া হৈছিল।

কিন্তু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে জিলা প্ৰশাসনৰ সহযোগত পুনৰ উচ্ছেদ অভিযান চলাই বেদখলকাৰীক উচ্ছেদ কৰে।

বেদখলকাৰীসকলৰ মুঠ ১০১৬টা পৰিয়ালে প্রত্যেকে দহ বিঘাৰ পৰা পঞ্চাশ বিঘালৈকে মাটি দখল কৰি তাত খেতি কৰি আহিছিল। কিন্তু কাৰো হাততেই কোনো কাগজ-পত্র নথকাত সেয়া যে অবৈধভাৱে দখল কৰা হৈছে সেয়া নিশ্চিত হৈ পৰিছিল।

আনহাতে, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে এবছৰ পূর্বে উক্ত অঞ্চলত উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰিছিল। উক্ত অঞ্চলটো হোজাই জিলাৰ সীমান্তত হোৱা হেতুকে বেদখলকাৰীসকলে সেয়া হোজাই জিলাৰ অন্তৰ্ভুক্ত বুলিহে দাবী কৰে। কিন্তু কোনো জাননী নিদিয়াকৈ উচ্ছেদ অভিযান আৰম্ভ কৰাৰ বাবে বেদখলকাৰীসকল বিপাঙত পৰে।

ইপিনে, স্থানীয় একাংশ লোকে এই উচ্ছেদক ৰাজনৈতিক আক্ৰোশ বুলি অভিযোগ কৰে।এই লোকসকলে পম্পী নলা অঞ্চলত চল্লিশ বছৰৰো অধিকা কাল ধৰি বাস কৰি থকা বুলি দাবী কৰে।তেওঁলোকে এয়া বিজেপি চৰকাৰে সংখ্যালঘু মুছলমানৰ ওপৰত কৰা অত্যাচাৰৰ নির্দশন বুলিহে ক্ষোভ ব্যক্ত কৰে।

বেদখলকাৰী বুলি উচ্ছেদ কৰা লোকসকলৰ একাংশই তেওঁলোকক মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে বাংলাদেশী বুলি কৰা মন্তব্যতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকৰ সকলোৰে নাম এন আৰ চিত থকা বুলিও দাবী কৰে।

ধুবুৰী, ছয়গাঁও, মৈৰাবাৰী আদি ঠাইৰ পৰা অহা এই লোকসকলে গাওঁবুঢ়াক দহ বিঘা মাটিত পাঁচ হাজাৰ টকাকৈ আদায় দি এই মাটি লোৱা বুলি কয় যদিও এইক্ষেত্ৰত তেওঁলোকৰ হাতত কোনো নথি নাই।

ইপিনে, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ ৰাজহ বিষয়া তৰুণ ইংতিয়ে বেদখলকাৰীসকলক উচ্ছেদৰ জাননী দিয়া বুলি সদৰী কৰিছে।