NORTHEAST NOW (Assamese)

এইবাৰ শ্ৰীলংকাত মোদীৰ আদানি প্ৰীতি! শ্ৰীলংকাৰ বিদ্যুৎ ব’ৰ্ডৰ চেয়াৰমেনৰ পদত্যাগ

June 14, 2022 12:45 pm · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰ শ্ৰীলংকাৰ এটা বায়ুবিদ্যুৎ প্ৰকল্প নিৰ্মাণক কেন্দ্ৰ কৰি বিতৰ্কত সাঙোৰ খাই পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অভিযোগ অনুসৰি, শ্ৰীলংকাৰ উত্তৰ অঞ্চলত অৱস্থিত মান্নাৰ নামৰ স্থানত নিৰ্মাণ কৰিবলৈ লোৱা ৫০০ মেগাৱাটসম্পন্ন প্ৰকল্পটোৰ দায়িত্ব গৌতম আদানিক দিবলৈ শ্ৰীলংকাৰ চৰকাৰক হেঁচা দিছিল মোদীয়ে।

সম্প্ৰতি তুমূল চৰ্চাত থকা বিতৰ্কটোৰ আৰম্ভণি ঘটে যোৱা সপ্তাহত। শ্ৰীলংকাৰ বিদ্যুৎ ব’ৰ্ডৰ চেয়াৰমেন এম এম চি ফাৰ্দিনান্দে জানিবলৈ দিছিল যে কিছু মাহ পূৰ্বে দেশখনৰ ৰাষ্ট্ৰপতি গোতবায়া ৰাজাপক্ষই তেওঁক মাতি পঠায়।

ৰাষ্ট্ৰপতি গৰাকীয়ে ফাৰ্ডিনাণ্ডক কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই বিদ্যুৎপ্ৰকল্পটো আদানি গোষ্ঠীক দিবলৈ হেঁচা প্ৰয়োগ কৰিছে। সেয়ে মোদীৰ মতেই সকলো হওক।

অৱশ্যে পাছত ফাৰ্ডিনাণ্ডৰ এই বিস্ফোৰক অভিযোগে ব্যাপক হৈ চৈ সৃষ্টি কৰাত উপায়বিহীন হৈ তেওঁ অভিযোগটো উঠাই ল’য়।

এই সমগ্ৰ বিতৰ্কৰ ধামখুমীয়াৰ মাজতে সোমবাৰে হঠাতে ফাৰ্ডিনাণ্ডে নিজ পদবীৰ পৰা পদত্যাগ কৰে। শ্ৰীলংকাৰ শক্তি মন্ত্ৰী কাঞ্চনা ৱিজেচেকাৰাই ইতিমধ্যে ফাৰ্ডিনাণ্ডৰ পদত্যাগ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ইফালে আদানিৰ নামত প্রধানমন্ত্ৰী মোদীয়ে এইদৰে এখন প্ৰতিৱেশী ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হেঁচা প্ৰয়োগ কৰাটো বিৰোধী দলসমূহে মানি ল’ব পাৰি নাই।

কেৱল গুজৰাটী ব্যৱসায়ী আৰু বিজেপিৰ অতি ঘনিষ্ঠ হোৱাৰ বাবেই আদানিক এইদৰে মোদীয়ে পৃষ্ঠপোষকতা কৰি আহিছে বুলি তেওঁলোকে ক্ষোভ ব্যক্ত কৰিছে।

আনহাতে, বৰ্তমান শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰীয়ে ভাৰতক মিত্ৰ হিচাপে গণ্য কৰি আহিছে। তেনে পৰিস্থিতিত সমগ্ৰ বিষয়টো লক্ষ্যণীয় হৈ পৰিছে।

Related News