৮ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰি দিয়া হ’ল লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য।
অভয়াৰণ্যখন পুনৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি শুকুৰবাৰে লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ মূল প্ৰবেশ দ্বাৰত মাংগলিক নিয়মানুসাৰে প্ৰথমে নাৰিকল ভাঙে মুখ্য বন্যপ্ৰাণী তত্বাৱধায়ক টি ভি ৰেড্ডীয়ে।
অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ মুৰব্বী এ এম সিঙে ফিটা কাটি লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখন পৰ্যটকসকলৰ বাবে পুনৰ মুকলি কৰে।
আনহাতে, অনুষ্ঠানত সমল ব্যক্তি হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰৰ লগতে কেইবাগৰাকীও শীৰ্ষ বন বিষয়া উপস্থিত থাকে।
উল্লেখযোগ্য যে, এইবেলি বিভাগীয় কৰ্তৃপক্ষই পৰ্যটক সকলৰ বাবে পৰীক্ষামূলকভাৱে ব্ৰহ্মপুত্ৰৰ মাজৰ বালি চাপৰিত এটা অস্থায়ী শিৱিৰো স্থাপন কৰিছে।
তদুপৰি আগন্তুক সময়ত পৰ্যটকসকলক আকৰ্ষিত কৰাৰ বাবে ‘বুঢ়াচাপৰি শীতকালীন উৎসৱ’ আয়োজনৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
অভয়াৰণ্যখন দৰ্শনৰ বাবে অহা পৰ্যটক সকলৰ বাবে আধুনিক অস্থায়ী কেম্প, স্পীড বোট, জীপ চাফাৰী আদিৰো সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে।