ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচী

আজি গুৱাহাটীৰ মাছখোৱাস্থিত আইটিএ প্রেক্ষাগৃহত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ জিলা বিজেপিৰ প্রাক্তন সভাপতি ভৱেন মহন, শদিয়া জিলা বিজেপিৰ প্রাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য গোপাল কাকতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্রাক্তন সচিব প্রধান প্রদীপ বুঢ়াগোহাঁই, প্রবীণ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা সাংবাদিক সাহিত্যিক নেপাল চৰকাৰৰ খেল ৰত্ন বঁটা লাভ কৰা মাধৱজ্যোতি দেউৰী, বিজেপি বকতা মৌজা মহিলা মৰ্চাৰ সম্পাদিকা ৰেখা বুঢ়াগোহাঁই, বিশিষ্ট সমাজকর্মী বাণা বুঢ়াগোহাঁই সহ বৃহৎ সংখ্যক লোকে ৰাইজৰ দলত যোগদান কৰে।

ৰাইজৰ দলৰ নীতি আদর্শব প্রতি আকৃষ্ট হৈ যোগদান কৰা প্রতিজন নেতা কর্মীক দললৈ স্বাগতম জনাই সভাপতি অখিল ডাঙৰীয়াই। দলত যোগদান কৰি শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈয়ে কয় যে, “এচামে অসমক বিক্ৰী কৰাৰ পণ লৈছে আৰু আমি ৰক্ষা কৰিবলৈ সমবেত হৈছো। অন্যহাতে শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভরেন মহনে কয় যে, “আজি বহু বছৰ ধৰি আমি ভাৰতীয় জনতা পার্টী কৰিছিলোঁ নিষ্ঠা আৰু সততাৰে। কিন্তু দলে জাতি মাটিৰ ৰক্ষাৰ নামত আমাক প্রতাৰণাহে কৰিলে। কিন্তু এতিয়া আমি অসমক উদ্ধাৰ কৰিব লাগিব”। ইয়াৰোপৰি সনাতনী বীৰ হিন্দু সেনা বৰপেটা জিলা সমিতিৰ সভাপতি ধর্মেন্দ্র দাসৰ লগতে বিজেপি যুৱ মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ প্রাক্তন সভাপতি প্রমোদ গগৈ, বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ প্রাক্তন সাংগঠনিক সম্পাদক ধনজিৎ গগৈৰ নেতৃত্বত বহুলোকে আজি ৰাইজৰ দলত যোগদান কবে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই দললৈ সকলোকে আদৰণি জনাই কয় যে, “২০২৬”ত সাম্প্রদায়িক বিজেপিক আমি পৰাভূত কৰিব লাগিব। হিমন্ত বিশ্ব শর্মা চৰকাৰক শাসনৰ পৰা আঁতৰাবলৈ ঐক্যবদ্ধ হৈ সকলোবে যুঁজিব লাগিব। সাম্পদায়িক ৰাজনীতিত ৰাইজ অতিষ্ঠ হৈছে। নবাগত সকলো নেতা-কর্মীক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে”।