NORTHEAST NOW (Assamese)

জাগুনত বন মাফিযাৰ উপদ্ৰৱ; বৃহৎ পৰিমাণৰ হোলোং গছৰ কুণ্ডা জব্দ

December 2, 2019 7:15 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ মাৰ্ঘেৰিটাৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত জয়ৰামপুৰস্থিত বিট অফিচৰ এটি বন কৰ্মীৰ দলে গোপন সূত্ৰৰ পম খেদি আজি ১৭টাকৈ মূল্যবান হোলোং গছৰ কুণ্ডা জব্দ কৰে।

জানিব পৰা মতে অসম অৰুণাচল সীমান্তৰ টিংকু পানী সংৰক্ষিত বনাঞ্চলৰ গ্ৰীনভিউত একাংশ বন মাফিয়াই বিভিন্ন সময়ত মূল্যবান গছ কাটি জাগুনৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত অৱস্থিত প্লাইউড ফেক্টৰী সমূহত যোগান ধৰি আহিছে।

কিন্তু বন মাফিয়াক নাকি লগাব নোৱাৰাত দিনক দিনে অবাধ গতিত বন ধ্বংস যজ্ঞ বাঢ়ি আহিছে। ইয়াৰ ফলত আজি টিংকুপানী সংৰক্ষিত বনাঞ্চলত ধ্বংসস্তূপত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে।

আনহাতে বন মাফিয়াই কাটি থৈ যোৱা হোলোং গছৰ ১৭টা কুণ্ডা জাগুন আঞ্চলিক বন বিভাগৰ কৰ্মীয়ে জব্দ কৰে যদিও এই পৰ্যন্ত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।

উক্ত মূল্যবান কাঠসমূহ জব্দ কৰি থকা সময়তেই অৰুণাচলৰ কেইগৰাকীমান বন মাফিয়াই বনকৰ্মীক কাঠখিনি জব্দ নকৰিবলৈ ভয় ভাবুকি প্ৰদান কৰাৰ উপৰিও মেনেজ কৰিবলৈও চেষ্টা কৰে বুলি বন বিভাগৰ এক সূত্ৰই কয়৷

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ সংৰক্ষিত বনাঞ্চল সমূহত বন বিভাগে ১৪৪ ধাৰা জাৰি কৰাৰ পিছতো কেনেদৰে একাংশ বন মাফিয়াই বন ধ্বংস যজ্ঞ চলাই আহিছে সেয়া এক লক্ষ্যণীয় বিষয়৷

Related News