NORTHEAST NOW (Assamese)

উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিকাণ্ডত জড়িত আন এজনক গ্ৰেপ্তাৰ

June 20, 2019 10:06 am · এন ই নাও নিউজ

গুৱাহাটীৰ ঐতিহাসিক শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰি কাণ্ড সন্দৰ্ভত আন এজন অভিযুক্তক আৰক্ষীয়ে বুধাবাৰে অৰ্থাৎ ১৯ জুনত আটক কৰিবলৈ সক্ষম হয়।

উগ্ৰতাৰাৰ বিগ্ৰহ চুৰিকাণ্ডত জড়িত তথা আটকাধীন অভিযুক্তক আজিজুল আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰক্ষীয়ে আজিজুলক পাঞ্জাবাৰীৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে যোৱা ১৫ নৱেম্বৰৰ নিশা উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি চুৰি হৈছিল। অৱশেষত এ পি এছ চি দুৰ্নীতিৰ ৰহস্য ফাদিল কৰাত মুখ্য ভূমিকা লোৱা সুৰজিৎ সিং পানেছাৰৰ নেতৃত্বৰ এটা দলে উক্ত চুৰি কাণ্ডৰ লগত জড়িত অভিযুক্তৰ লগতে মন্দিৰৰ বিগ্ৰহ মঙলবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Related News