NORTHEAST NOW (Assamese)

পঞ্চভূতত বিলীন হ’ল বীৰ জোৱান শ্বহীদ বিপুল বৰাৰ নশ্বৰ দেহ

April 6, 2019 7:00 am · এন ই নাও নিউজ

পঞ্চভূতত বিলীন হ’ল ছত্তীশগড়ত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ হোৱা অসমৰ বীৰ জোৱান বিপুল বৰাৰ নশ্বৰ দেহ। শিৱসাগৰৰ দিখৌমুখৰ ধনেখোৱা গাঁৱত এক শোকাকুল পৰিৱেশৰ মাজত শুকুৰবাৰে সন্ধিয়া বীৰ জোৱান বৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

অন্তিম যাত্ৰাত গায়ন-বায়নেৰে এক বৃহৎ সমদল কৰি বিএছএফ জোৱানজনৰ নশ্বৰ দেহ লৈ যোৱা হয়। তেওঁৰ ঘৰৰ সমীপতে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। ২১জাঁই টোপ ধ্বনিৰে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে বীৰ জোৱানগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

বীৰ জোৱান বিপুল বৰাৰ নশ্বৰ দেহৰ শেষকৃত্য সমাপন কৰাৰ পূৰ্বে জোৱানজনক শেষবাৰৰ বাবে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জনায়। মুখ্য মন্ত্ৰীৰ হৈ বিধায়ক কুশল দুৱৰীয়ে মৃতদেহত পুষ্পাঞ্জলি অৰ্পন কৰে। মন্ত্ৰী তপন গগৈয়ো উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনায়।

যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু কংগ্ৰেছ নেত্ৰী অংকিতা দত্তইও বাৰ শ্বহীদগৰাকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনায়।

উল্লেখযোগ্য যে পঞ্চাশ বছৰীয়া বিপুল বৰা বৃহস্পতিবাৰে ছত্তীশগড়ৰ কানকেৰ জিলাত নক্সালৰ আক্ৰমণত শ্বহীদ হোৱা চাৰিজন বিএছএফ জোৱানৰ মাজৰে এজন আছিল।

শ্বহীদ বৰাই তেওঁৰ মৃত্যুৰ সময়ত পত্নী আৰু দুটি সন্তানক এৰি থৈ গৈছে। তেওঁৰ পুত্ৰই শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তেওঁৰ কন্যাগৰাকী এখন ব্যক্তিগত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছে।

Related News