• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মনোনয়ন পত্ৰ সংশোধন কৰি ‘শিক্ষাগত অৰ্হতা’ কমালে কুইন ওজাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2019 4:14 pm
Queen Ojha

এখন নিৰ্বাচনী সভাত কুইন ওজা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ আটাইতকৈ শিক্ষিত নাগৰিকসকলৰ বাসস্থান গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব আগ বঢ়োৱা বিজেপিৰ কুইন ওজাই আজি মনোনয়ন পত্ৰ সংশোধন কৰি নিজৰ শিক্ষাগত অৰ্হতাত এটা সালসলনি কৰে।

প্ৰাৰ্থীগৰাকীয়ে পূৰ্বে সৰ্বোচ্চ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক বুলি দিছিল যদিও বিতৰ্ক আৰু আইনী প্ৰক্ৰিয়া আহি পৰাত সমস্যাত পৰাৰ শংকাত প্ৰাৰ্থীগৰাকীয়ে আজি মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত ৰিটাৰ্নিং বিষয়াৰ কাৰ্য্যালয়লৈ গৈ সেয়া আঁতৰ কৰে।

Apply Now

সংশোধনৰ জৰিয়তে প্ৰাৰ্থীগৰাকীয়ে মেট্ৰিক পাছ কৰা বুলি উল্লখ কৰাৰ লগতে “Qualified Bechalor’s Preparatory Programme from Krishna Kanta Handiqui State Open University in the year 2012” বুলি উল্লেখ কৰে।

ওজাই ইয়াৰ পূৰ্বে নিজৰ মনোনয়ন পত্ৰত Higher Secondary from Krishna Kanta Handiqui State Open University in 2011 বুলি উল্লেখ কৰিছিল।

হাই প্ৰফাইল গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ “উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ” অৰ্হতাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। তেওঁ শিক্ষাগত অৰ্হতা আহৰণ কৰা শিক্ষানুষ্ঠানটোৱে (কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়) তেওঁলোকৰ কোনো উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম নাই বুলি সংবাদ মাধ্যমত স্পষ্টকৈ কোৱাত ওজাই বিপদৰ গোন্ধ পাই আজি এই ‘সত্য’ৰ পথ লয়।

আনহাতে, বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে কুইন ওজাই শপতনামাত অসত্য তথ্য দিয়া বুলি চিন্ময় শৰ্মা নামৰ ব্যক্তিয়ে এখন প্ৰতি-শপতনামা (কাউণ্টাৰ এফিডেৱিট) দাখিল কৰিছিল।

চিন্ময় শৰ্মা সমষ্টিটোত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগ বঢ়োৱা ববিতা শৰ্মাৰ প্ৰস্তাৱক। তেওঁ প্ৰাৰ্থীগৰাকীৰ স্বামীও।

ইপিনে সমষ্টিটোৰ আন দুজন নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা আৰু জোনমণি দেৱী খাউণ্ডেও কুইন ওজাৰ মনোনয়ন পত্ৰৰ তথ্য মিছা বুলি অভিযোগ আনিছিল। দুয়োজনে সংবাদ মাধ্যমৰ আগতো ওজাক তীব্ৰ সমালোচনা কৰিছিল।

এইবোৰ অগ্ৰগতিয়ে বিপদত পেলোৱাৰ শংকা কৰি অৱশেষত আজি মনোনয়ন পত্ৰ পৰীক্ষণ (scrutiny)ৰ সময়ত ৰিটাৰ্নিং বিষয়াৰ সন্মুখত ওজাই নিজৰ মনোনয়ন পত্ৰৰ সংশোধন কৰে।

মন কৰিব লগীয়া কথাটো হ’ল, পূৰ্বে যিটো পৰীক্ষা উচ্চতৰ মাধ্যমিক বুলি উল্লেখ কৰি ২০১১ চনত পাছ কৰা বুলি শপতনামাত উল্লেখ কৰিছিল, এইবাৰ সেই পৰীক্ষাটো নাম সলনি কৰাই নহয়, পাছ কৰা চনটোও ২০১২ বুলি উল্লেখ কৰে ওজাই।

গুৱাহাটীৰ দৰে সন্মানীয় সমষ্টিৰ এজন প্ৰাৰ্থীৰ এই শিক্ষাগত অৰ্হতা আৰু অসত্য তথ্য দিয়াৰ প্ৰয়াসক ছ’চিয়েল মিডিয়াত সমালোচনা কৰা দেখা গৈছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd