DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সতীৰ্থৰ গুলীত নিহত ভোলানাথ দাসৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2019 5:45 pm
last rite
1.4k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগত সতীৰ্থৰ গুলীত নিহত হোৱা অসম আৰক্ষীৰ ৭ নম্বৰ বেটেলিয়নৰ উপ-পৰিদৰ্শক নগাঁৱৰ ভোলা নাথ দাসৰ অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ সামৰিক মৰ্য্যাদাৰে নিজগৃ্হত আজি সম্পন্ন কৰা হয়।

নগাওঁ জিলাৰ তুলসিমুখ পশ্চিম গোহাঁই গাঁৱৰ ভোলা নাথ দাসৰ যোৱা ২ মে’ত মৃত্যু হয় যদিও জোৱানজনৰ মৃতদেহ আজি পুৱতি নিশা স্ব-গৃহ পাইহি। মৃতদেহ আহি ঘৰ পোৱাৰ লগে লগে ঘৰখনত কান্দোনৰ ৰোল উঠে। অগণন লোকে শেষবাৰৰ বাবে তেওঁক এবাৰ চাবলৈ আহি ভিৰ কৰে ঘৰখনত।

জোৱানজনৰ অন্তেষ্টিক্ৰিয়া অনুষ্ঠানতে শোকত ভাগি পৰা পৰিয়ালৰ লোকে উপ পৰিদৰ্শক ভোলা নাথ দাসৰ মৃত্যুৰ কাৰণ খোদ অসম আৰক্ষী বুলি মন্তব্য কৰে। মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জনাৰ পাছতো কিয় হত্যাকাৰী লক্ষ্মীকান্ত বৰ্মনক নিৰ্বাচনী কামত বহিঃৰাজ্যত নিয়োগ কৰা হৈছিল বুলিও প্ৰশ্ন উত্থাপন পৰিয়ালৰ লোকৰ।

ইয়াৰ উপৰি হত্যাকাণ্ডটোৰ উচিত তদন্ত কৰি হত্যাকাৰী জোৱান লক্ষ্মীকান্ত বৰ্মনক শাস্তি প্ৰদানৰো দাবী জনায় ভোলানাথ দাসৰ পৰিয়ালে।

উল্লেখ্য যে যোৱা ২ মে’ত অসম আৰক্ষীৰ সাত নম্বৰ বাহিনীৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজৰ ইনচাৰ্জ ৰাইফলেৰে ১৮ জাঁই গুলী চালনা কৰি উপ পৰিদৰ্শক ভোলানাথ দাস আৰু ডিব্ৰুগড়ৰ অনিল ৰাজবংশীক হত্যা কৰিছিল। ইয়াৰ উপৰি এই গুলীচালনাত গুৰুতৰভাৱে আহত হোৱা ৰণ্টুমণি মেধি নামৰ আন এজন জোৱান এতিয়াও চিকিৎসাধীন হৈ আছে।

আজি অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক সত্যব্ৰত ৰায় মেধি উপস্থিত থাকি মৃতদেহত মাল্যাৰ্পণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd