শোকাকুল পৰিবেশত বৰপেটাৰ কদমগুৰিত শ্বহীদ নজমূল হুছেইনৰ শেষকৃত্য সম্পন্ন 

চৰকাৰক সমালোচনা বিৰোধী বিধায়ক,সাধাৰণ ৰাইজৰ

seba

অসমৰ কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত সোমবাৰে মিজো নিৰাপত্তাৰক্ষী আৰু দুস্কৃতিকাৰীয়ে চলোৱা গুলীচালনাত ছয় গৰাকীকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাগৰাকী জোৱান আহত হয় ৷

বৰপেটাৰ নজমূল হুছেইন নামৰ অসম আৰক্ষীৰ জোৱান গৰাকীও দুস্কৃতিকাৰীৰ আক্ৰমণত শ্বহীদ হয় ৷ বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত কদমগুৰি গাঁৱত আজি পুৱা ৮:৩০ বজাত নজমূল হুছেইনৰ নশ্বৰদেহ আহি পায় ৷

ইয়াৰ পিছতে শ্বহীদ গৰাকীক সামৰিক মৰ্যদাৰে সন্মান প্ৰদৰ্শন কৰা হয় ৷

শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হয় সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়ক বসন্ত দাস ৷

শ্বহীদ গৰাকীক শ্ৰদ্ধা জনাই বিধায়ক  মনোৰঞ্জন তালুকদাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে৷ অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস, আমছুৰ সভাপতি ৰেজাউল কৰিমৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মী আৰু সাধাৰণ ৰাইজ শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

২০০১ চনত অসম আৰক্ষীত যোগদান কৰা নজমুল হুছেইনে মৃত্যুৰ সময়ত বৃদ্ধা মাতৃ, পত্নীসহ দুই পুত্ৰক ইহ সংসাৰত এৰি থৈ গৈছে ৷