• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘অচিনাক্ত মৃতদেহৰ অভিভাৱক’ ‘অন্তিম সংস্কাৰৰ অগ্ৰদূত’ চৰীফ চাচাই লাভ কৰিলে পদ্মশ্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2021 6:10 pm
Sharif Chacha
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰপ্ৰদেশৰ চুলতানপুৰৰ আশী বছৰীয়া চাইকেল মেকানিক মোহাম্মদ চৰীফ ওৰফে চৰীফ চাচাক এইবাৰ ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে৷ সোমবাৰে হুইল চেয়াৰত বহি ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দৰ হাতৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰে চৰীফ চাচাই।

পদ্মশ্ৰী সন্মান ঘোষণাৰ খবৰ দিবলৈ সাংবাদিকে স্থানীয় মাজাৰৰ কাষত অচিনাক্ত মৃতদেহ সৎকাৰত ব্যস্ত থকা সহজ সৰল অমায়িক চৰীফ চাচাক বিচাৰি পাইছিল৷ সন্মান বঁটা বাহনক গুৰুত্ব নিদিয়া ব্যক্তি জনে কেৱল এটা কথাই কৈছিল “যোৱা ২৭ টা বছৰে অচিনাক্ত মৃতদেহ সৎকাৰ কৰি এটা কথায়েই শিকিলো, হিন্দু মুছলিম খ্ৰীষ্টিয়ান শিখ বুলি আমি একোৱে নহয়৷ অন্তিম মূহুৰ্তত একো একোটা শৰীৰহে আমি, মানৱ শৰীৰ মাত্ৰ।”

মোহাম্মদ চৰীফ বৃত্তিগতভাবে মৃতদেহ সৎকাৰক নাছিল৷ উত্তৰ প্ৰদেশৰ চুলতানপুৰ অঞ্চলৰ এজন চাইকেল মেকানিকৰূপে কৰ্মৰতহে আছিল তেওঁ৷ কি আছিল এনে কথা যিয়ে হঠাতে সহজ সৰল ব্যক্তি এজনক সমগ্ৰ অচিনাক্ত আৰু অনাথ মৃতদেহৰ অভিভাৱক কৰি তুলিলে?

১৯৯৩ চনৰ কথা, বাবৰী মচজিদ ধ্বংসৰ পিছত অযোধ্যাৰ উত্তপ্ত পৰিবেশ৷ পঁচিশ বছৰীয়া সুঠাম যুবক মোহাম্মদ ৰইচ ঔষধ আনিবৰ বাবে চুলতানপুৰলৈ গৈ নিখোজ হ’ল ৷ সম্ভবপৰ সকলো ঠাইতে বিচাৰ খোচাৰ কৰিও মোহাম্মদ ৰইচৰ কোনো সন্ধান পোৱা নগল৷ প্ৰায় এমাহৰ পিছত স্থানীয় আৰক্ষীয়ে মোহাম্মদ ৰইচৰ চাৰ্টত লগাই দিয়া দৰ্জী দোকানৰ নামৰ সৰু কাপোৰৰ টুকুৰাৰে পিতৃ চৰীফক বিচাৰি মোহাম্মদ ৰইচৰ অভিভাৱকৰ সম্ভেদ উলিয়ায়৷ পৰিয়ালটোক উকা কৰি ৰহস্যজনক ভাবে মৃত্যু হোৱা মোহাম্মদ ৰইচৰ মৃতদেহ উত্তৰ প্ৰদেশৰ নগৰ নিগম পৰিষদে অচিনাক্ত আৰু অভিভাৱকহীন মৃতদেহ হিচাপে এমাহৰ পূৰ্বেই সৎকাৰ কৰি পেলাইছিল৷

Apply Now

নিজৰ ডেকা পুত্ৰ ৰইচৰ মুখ অন্তিমবাৰৰ বাবে চাব নোপোৱা আৰু ধাৰ্মিক ৰীতি মতে নিজে সৎকাৰ কৰিব নোপোৱাৰ দুখে মোহাম্মদ চৰীফৰ সম্পূৰ্ণ পৰিয়ালটোকে বিচলিত কৰিছিল৷ নিজৰ চকুৰ আগত হোৱা এই ঘটনাই দূৰ্ভগীয়া পিতৃ মোহাম্মদ চৰীফৰ জীৱন সলনি কৰি দিছিল৷

“মই সেইদিনাই প্ৰতিজ্ঞা কৰিছিলো অযোধ্যাৰ পূণ্য ভুমিত আজিৰ পৰা আৰু কোনো মৃতদেহেই অচিনাক্ত আৰু অভিভাৱকহীন হৈ নাথাকিব৷ হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, শিখ যিয়েই নহওক কিয় প্ৰতিজনেই স্বধৰ্মীয় অন্তিম সৎকাৰৰ পৰা বঞ্চিত নহ’ব৷”

সেইদিনাৰ পৰাই উত্তৰপ্ৰদেশৰ প্ৰতিটো অচিনাক্ত মৃতদেহৰ অভিভাৱক হিচাপে চিহ্নিত হল আশী উৰ্ধৰ চাইকেল মেকানিক মোহাম্মদ চৰীফ যাক সকলোৱে চৰীফ চাচা বুলিয়ে সম্বোধন কৰে মৰমেৰে৷

উত্তৰ প্ৰদেশৰ প্ৰতিখন নগৰ নিগমেই অচিনাক্ত মৃতদেহৰ খবৰ পালেই চৰীফ চাচালৈ ফোন কৰে৷ বৰ্ষীয়াণ ব্যক্তি জনে মূহুৰ্ততে চাইকেলখনেৰে সেই ঠাইত হাজিৰ হৈ নিজৰ মানৱীয় কৰ্তব্যবোধ সমাপন কৰে৷

নিজৰ আত্মীয় আৰু নিকট সকলৰ মৃত্যুৱে মানুহৰ হৃদয় ভাঙি চাৰখাৰ কৰি পেলায়৷ বহু সময়ত নিকট জনক হেৰুৱাৰ দুখে একো একোটা পৰিয়ালক বহু যুগলৈ দুখৰ সাগৰত ডুবাই থৈ যায়৷ কিন্তু নিজ পুত্ৰ মৃত্যু আৰু অনাথ মৃতদেহৰ দৰে অন্তিম সংস্কাৰ পোৱা হৃদয় ভঙা অভিজ্ঞতাই উত্তৰ প্ৰদেশক দিলে “মৃতদেহৰ শান্তি দূত” চৰীফ চাচাৰ জন্ম ৷ হয়তো আপোন জনক হেৰুওৱাৰ সুতীব্ৰ বেদনাই মানসিক ভাবে ভাঙি পৰাতকৈ চৰীফ চাচাৰ মনত মানৱীয় কৰ্তব্যবোধৰ জন্ম দিছিল৷

এতিয়ালৈকে প্ৰায় পঁচিশ হাজাৰৰো অধিক অচিনাক্ত আৰু অনাথ মৃতদেহৰ অন্তিম সংস্কাৰ কৰা চৰীফ চাচাৰ বাবে মানৱ জীৱনৰ চিৰন্তন সত্যটো ধৰ্ম নহয় বৰং শৰীৰ এটা মাত্ৰ যিটো মানৱ শৰীৰৰ বাহিৰে আন একো নহয়৷

হিন্দু মৃতদেহৰ মুখাগ্নি আৰু মুছলিম মৃতদেহৰ জানাজা কৰা চৰীফ চাচা এতিয়ালৈকে থমকি ৰোৱা নাই৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd