NORTHEAST NOW (Assamese)

শোকাকুল পৰিৱেশত দুৰ্ঘটনাত নিহত বন বিভাগৰ কৰ্মচাৰীলৈ শেষ শ্ৰদ্ধাঞ্জলি

August 31, 2019 6:44 am · পার্শ্বজোতি গগৈ
Updated: August 31, 2019 6:50 am
ফটো : নৰ্থইষ্ট নাও

শুকুৰবাৰে পুৱাই লাভ কৰা এক পথ দুৰ্ঘটনাৰ খৱৰে সমগ্ৰ শিৱসাগৰ জিলাতে শোকৰ ছাঁ পেলায়।

কৰ্তব্য সমাপন কৰি উভতি আহোতে হাতীঘূলিৰ সোণতলিছিগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল চাৰিজন বন বিভাগৰ কৰ্মচাৰীৰ।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিয়লি চাৰিজন বন বিষয়াৰ নশ্বৰদেহ অনা হয় শিৱসাগৰ জিলা বন বিষয়াৰ কাৰ্যালয়লৈ।

ইয়াতে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ লগতে নাজিৰাৰ মহকুমাধিপতি, শিৱসাগৰৰ ডিএফঅ’ জয়শ্ৰী নাংইডিং, চি আৰপিএফৰ কামাণ্ডেন্ট, শিৱসাগৰ আৰু নাজিৰাৰ চক্ৰ বিষয়াৰ লগতে বন বিভাগৰ কৰ্মচাৰী আৰু অসংখ্য গুণমুগ্ধই বন বিষয়াকেইগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

একে দিনাই একে লগে চাৰি সতীৰ্থ কৰ্মচাৰীক হেৰুৱাই এক প্ৰকাৰ শোকত ভাগি পৰে বিভাগটোৰ সকলো কৰ্মচাৰী।

দুৰ্ঘটনাটোত নিহত হৈছিল গাড়ী চালক প্ৰয়ম মেছ, গাৰ্ড বিপুল হাজৰিকা, বনকৰ্মীদ্বয় নিজামুদ্দিন আহমেদ আৰু প্ৰশান্ত দত্ত।

আনহাতে, শিৱসাগৰ বন বিভাগৰ ৰেঞ্জাৰ বুবুল বৰুৱা আৰু গাৰ্ড নাজিমুদ্দিন বৰ্তমান ডিব্ৰুগড়ত জীৱন মৃত্যুৰ সতে যুঁজি আছে।

ইপিনে নিহত প্ৰশান্ত দত্তৰ পত্নী পাঁচ মহীয়া অন্ত:সত্বা বুলি জানিব পাৰি সকলোৱে মৰ্মাহত হৈ পৰে।

শিৱসাগৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুহ কৰ্মচাৰীয়ে বন বিভাগৰ চাৰিগৰাকী কৰ্মচাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু চিকিৎসাধীন কৰ্মচাৰী দুজনৰ আশু আৰোগ্য কামনা কৰে।

Related News