NORTHEAST NOW (Assamese)

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

March 31, 2023 9:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 31, 2023 8:00 pm

শুকুৰবাৰে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ চোৰাংচোৱাই উৎকোচ লোৱাৰ সময়তে হাতেলোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে এগৰাকী লাট মণ্ডলক।

গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল গৰাকীৰ নাম গীতাঞ্জলি ডেকা। কামৰূপৰ কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰি আছিল ধৃত মণ্ডলগৰাকীয়ে।

ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ বাবে অভিযোগকাৰীৰ পৰা ৫০০০ টকা গ্ৰহণ কৰাৰ সময়তে দুৰ্নীতি বিৰোধী কোষৰ বিষয়াসকলে ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰে গীতাঞ্জলি ডেকাক।

টুইটাৰযোগে আই পি এছ সুৰেন্দ্ৰ কুমাৰে জনাই যে আজি Directorate of Vigilance & Anti-Corruptionৰ এটা দলে কামৰূপৰ কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডলৰ গীতাঞ্জলি ডেকা দাসক উৎকোচ দাবী আৰু গ্ৰহণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সকলো কৰ্মচাৰীকে সকীয়াই দিছে যে কামৰ কৰাৰ বিনিময়ত উৎকোচ গ্ৰহণ কৰি ধৰা পৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Related News