NORTHEAST NOW (Assamese)

অদৃষ্টৰ দোষত গণ্ডগোল লতাশিল বিহুত, ঘোষণা বিচাৰক অমৰেন্দ্ৰ গগৈৰ

April 21, 2019 6:37 pm · অনিৰ্বাণ পাঠক
Updated: April 21, 2019 10:15 pm
লতাশিল বিহু ২০১৯: মাজত সম্ৰাজ্ঞী, তেওঁলোকৰ ফালৰ পৰা সোঁহাতে ৰাণী আৰু বাওঁফালে কুঁৱৰী।

লতাশিলৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ চলিত বিতৰ্কৰ মাজত মুখ খুলি বিচাৰক অমৰেন্দ্ৰ গগৈয়ে ইয়াৰ বাবে “অদৃষ্ট”ক দোষ দিছে।

দেওবাৰে দিচপুৰ প্ৰে’চ ক্লাবত এক সংবাদমেলযোগে তেওঁৰ বিৰুদ্ধে উত্থাপিত “ফিক্সিং”ৰ অভিযোগ নাকচ কৰি বিহু নাচৰ বিচাৰকজনে এই মন্তব্য কৰিছে।

“মই কোনোধৰণৰ দুৰ্নীতি কৰা নাই। দুৰ্নীতি কৰি মই কি পাম? মোৰেই দুৰ্ভাগ্য মই এনেকুৱা এটা অপবাদ শুনিবলগীয়া হ’ল। মই প্ৰায় ৪০ বছৰ ধৰি বিচাৰকৰ দায়িত্ব পালন কৰিছো। কিন্তু এইবছৰহে কেনেকৈ কি হ’বলৈ পালে? মই অদৃষ্টকহে দোষাৰোপ কৰিম,” গগৈৰ মন্তব্য।

নিজৰ ক্ষেত্ৰত এয়া “জঘন্য মিছা অভিযোগ” বুলি সদৰী কৰি গগৈয়ে লগতে “আনৰ কথা নাজানো” বুলিও সংবাদমেলত উল্লেখ কৰে।

লতাশিলত গুৱাহাটী বিহু সন্মিলনীৰ “বিহু সম্ৰাজ্ঞী”ৰ খিতাপটো লখিমপুৰৰ নীলম দোলাকাষৰীয়া নামৰ নাচনীগৰাকীয়ে পোৱাক লৈ বিতৰ্কটোৰ সূত্ৰপাত ঘটিছে।

প্ৰতিযোগিতাখনৰ একাংশ নাচনী আৰু বিহুৱাই অভিযোগ উত্থাপন কৰিছে যে “বিহু সম্ৰাজ্ঞী” দোলাকাষৰীয়াই নাচোনত “বাৰেপতি ভুল” কৰিছিল।

যোৱা ১৭ এপ্ৰিলত প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণাৰ পাছতেই বিচাৰকৰ ভূমিকাক লৈ অসন্তুষ্ট একাংশ বিহুৱা আৰু নাচনীয়ে পৰিৱেশ উত্তাল কৰি তুলিছিল।

অমৰেন্দ্ৰ গগৈৰ উপৰি মন্টু গোহাঁই আৰু অমিয়া গন্ধিয়া প্ৰতিযোগিতাখনৰ বিচাৰক আছিল।

লতাশিলৰ এইবাৰৰ বিহু প্ৰতিযোগিতাত লখিমপুৰৰ দোলাকাষৰীয়াক “বিহু সম্ৰাজ্ঞী” আৰু ডিব্ৰুগড়ৰ নীহাৰিকা শইকীয়া আৰু নিবেদিতা বৰাক ক্ৰমে “বিহু ৰাণী” আৰু “বিহু কুঁৱৰী” খিতাপ আগবঢ়োৱা হৈছিল।

Related News