NORTHEAST NOW (Assamese)

প্ৰচণ্ড ধুমুহাত চামগুৰিত বিস্তৰ ক্ষতিসাধন, বিধ্বস্ত স্থানীয় গীৰ্জাঘৰ

March 21, 2019 9:38 am · ভাৰ্গব হাজৰিকা
Updated: March 21, 2019 9:51 am

ৰঙৰ উৎসৱ ফাকুৱাৰ পুৱাই বৃহত্তৰ চামগুৰি অঞ্চলৰ ওপৰেৰে বুধবাৰে নিশা পাৰহৈ যোৱা এজাক বতাহ-ধুমুহাই অঞ্চলটোৰ সৰু-বৰ একাংশ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে একাধিক লোকৰ ঘৰ-বাৰিৰ বিস্তৰ ক্ষতিসাধন কৰে।

নিশা প্ৰায় ১ বজাত অহা প্ৰবল ধুমুহা বতাহ-বৰষুণৰ ফলত সমুলঞ্চে তচনচহৈ পৰিল চামগুৰিৰ কঠালগুৰিস্থিত ‘বেপ্তিষ্ট চাৰ্চ’ গীৰ্জা ঘৰটো। অঞ্চলটোৰ সহস্ৰাধিক খ্ৰীষ্টধৰ্মী লোকৰ আৰাধ্যস্থলী গীৰ্জাঘৰটোৰ টিঙৰ চালি ধুমুহাই উৰুৱাই নিয়াৰ ফলত ইয়াৰ ভিতৰত থকা এটা ল’কাৰ, বিভিন্ন যাৱতীয় নথিপত্ৰ, এটা ছাউণ্ড-ছেট, বিশেষ লাইট-ছেট, ডেক্স-বেঞ্চ আদি নষ্ট হয়।

অৱশ্যে পুৱা স্থানীয় ৰাইজ আহি অস্থায়ীভাৱে পৰিত্যক্ত গীৰ্জা ঘৰটোৰ মেৰামতিৰ কাম আৰম্ভ কৰে যদিও প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত গীৰ্জাঘৰটো নতুনকৈ নিৰ্মাণৰ বাবে সহায় আগবঢ়াবলৈ চৰকাৰক আহ্বান জনায়।

আনহাতে নিশা অহা ধুমুহাজাকৰ ফলত অঞ্চলটোৰ বহু কেইটা পৰিয়ালৰ বাসগৃহৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক গছ-গছনি উঘালি পৰাৰ উপৰি অঞ্চলটোৰ কেইবাখনো ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান তথা ব্ৰয়লাৰ ফ্ৰাম আদিৰো যথেষ্ট ক্ষতি সাধন হোৱাৰ বুলি জানিব পৰা গৈছে।

Related News