দেশৰ দৰিদ্ৰ লোকসকলৰ কৰ্মসংস্থান সুনিশ্চিত কৰাৰ বাবে প্ৰচলন কৰা এক গুৰুত্বপূৰ্ণ আঁচনি এমজি এনৰেগাৰ শ্ৰমিকসকলৰ উপস্থিতি পঞ্জীয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ অনলাইন এপ্লিকেচন প্ৰবৰ্তনৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে।
এই সিদ্ধান্তক বঞ্চিতসকলৰ প্ৰতি মোডী চৰকাৰৰ অসংবেদনহীনতাৰ প্ৰমাণ বুলি অভিযোগ কৰি ইয়াৰ দ্বাৰা চৰকাৰে দৰিদ্ৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰা গুৰুত্বপূৰ্ণ আঁচনিখনৰ বাজেট হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে বুলি দাবী কৰিছে কংগ্ৰেছে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক বিবৃতিত কয় যে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে দেশৰ ৯ কোটি কৰ্মস্থলীত এমজি এনৰেগাৰ প্ৰতিগৰাকী কৰ্মীয়ে ‘ফিজিকেল মাষ্টাৰ ৰোল’ৰ ঠাইত মোবাইল এপ্লিকেচনৰ জৰিয়তে উপস্থিতি পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে।
বিবৃতিটোত জয়ৰাম ৰমেশে কয়, “আপাত দৃষ্টিত এই পদক্ষেপ স্বচ্ছতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে যেন লাগিলেও ইয়াৰ সম্পূৰ্ণ বিপৰীত প্ৰভাৱ পেলাব। ইয়াৰ দ্বাৰা দুৰ্নীতিৰ নতুন পথ মুকলি হ’ব। শ্ৰমিকসকলে দৰমহা পোৱাত অধিক কঠিন হ’ব।”
“দামী স্মাৰ্টফোন নথকা লোকসকল, বিশেষকৈ মহিলা আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকল বঞ্চিত হ’ব। মুঠতে এই সিদ্ধান্তই কোটি কোটি গ্ৰাম্য দৰিদ্ৰ লোকৰ বাবে সঞ্জীবনী সদৃশ এমজি এনৰেগাক ভেঙুচালি কৰে।”— জয়ৰাম ৰমেশে লগতে কয়।
“এয়া মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এমজি এনৰেগা)ৰ ব্যয় হ্ৰাস কৰাৰ বাবে পিছদুৱাৰেদি গ্ৰহণ কৰা এক পদক্ষেপ। এয়া মোডী চৰকাৰে দৰিদ্ৰ লোকৰ ওপৰত কৰা শেহতীয়া আক্ৰমণ। এমজি এনৰেগাৰ কৰ্মীসকলক এপৰ জৰিয়তে উপস্থিতি পঞ্জীয়ন কৰিবলৈ বাধ্য কৰালে দুৰ্নীতিৰ নতুন পথ মুকলি হ’ব। লগতে মহিলা, দলিত আৰু আদিবাসীসকলক ক্ষমতাহীন কৰা হ’ব।”- টুইটাৰত এইদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে।
তেওঁ লগতে কয় যে কংগ্ৰেছে মোডী চৰকাৰক এই এপটো বাতিল কৰি কাৰিকৰী ভুলৰ বাবে মজুৰি হেৰুওৱা সকলো শ্ৰমিকক ক্ষতিপূৰণ দিবলৈ, মুকলি মাষ্টাৰ ৰোল আৰু সামাজিক অডিটৰ জৰিয়তে স্বচ্ছতা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে এই এপটোত কৰ্মস্থলীত থকা দায়িত্বত থকা কৰ্মচাৰীগৰাকীয়ে সকলো শ্ৰমিকৰ উপস্থিতি ৰেকৰ্ড কৰিব লাগিব আৰু কাম আৰম্ভ হোৱাৰ আগতে আৰু পিছত নিৰ্দিষ্ট সময়ত গ্ৰুপ ফটো তুলিব লাগিব।
“এই ৰেকৰ্ড কেৱল দায়িত্বত থকা কৰ্মচাৰীগৰাকীৰ ফোনত থাকে আৰু গ্ৰুপ ফটো ভেৰিফাই কৰাৰ কোনো উপায় নাই। তাতোকৈ বেয়া কথাটো হ’ল এমজি এনৰেগাৰ মজুৰিৰ সৈতে সম্পাদন কৰা কামৰ জোখ-মাখৰ সম্পৰ্ক আছে। কিন্তু এপটোত এই সেৱা সম্পূৰ্ণৰূপে অনুপস্থিত। নতুন ব্যৱস্থাটো কোনোপধ্যেই যোগ্য নহয়।”— তেওঁ লগতে কয়।
নতুন এপটোৰ চাৰ্ভাৰ বন্ধ হ’লে শ্ৰমিকসকলক কাম বা মজুৰিৰ পৰা বঞ্চিত কৰা হ’ব বুলি দাবী কৰি কংগ্ৰেছ নেতাগৰাকীয়ে লগতে শ্ৰমিকসকলে গ্ৰুপ ফটোৰ বাবে প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় বুলিও উল্লেখ কৰে।