• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শালকোচাত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিৰ্বিচাৰ লাঠীচালনা, আৰক্ষীৰ বৰ্বৰতাক সৰ্বত্ৰে ধিক্কাৰ

কাৰ পক্ষত থিয় দিব এছ, ডি, পি,অ বিৰিঞ্চি বৰাই, সুৰা বেপাৰী নে ৰাইজৰ?

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 16, 2021 6:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধিক অসম আৰক্ষী! শালকোচাৰ গেৰাভিটাত অলপতে মুকলি কৰা বিলাতী সুৰাৰ বিপনীৰ বিৰোধিতা কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত এছ, ডি, পি,অ বিৰিঞ্চি বৰাৰ নেতৃত্বত আৰক্ষী আৰু চি,আৰ, পি,এফ জঁপিয়াই পৰি ‘লাঠিচার্জ’ কৰাত মহিলাসহ ২৪ গৰাকী শিক্ষাৰ্থী আহত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচাৰ গেৰাভিটা গাঁও পঞ্চায়তৰ পেট্ৰল পাম্পটোৰ চৌহদত অলপতে স্থাপন কৰা ‘চানশ্বাইন ৰেষ্টুৰেণ্ট এণ্ড আই, এম, এফ, এল ৱাইনশ্বপ’ নামৰ বিলাতী সুৰাৰ বিপনীখনৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত আছু, আক্ৰাছু, নাথ-যোগী ছাত্ৰ সন্থা আৰু গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানক্ৰমে শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্ঞানপীঠ জাতীয় বিদ্যালয়, শালকোচা ছোৱালী হাইস্কুল আৰু ভেলুপাৰা এম ভি স্কুলৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু সংগঠন কেইটাৰ সদস্যই কালি দুপৰীয়া প্ৰায় ১২ বজাত শালকোচাৰ বাংলাত ১৭ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে।

Apply Now

ৰাজপথ অৱৰোধ কৰাৰ প্ৰায় ২০/২৫ মিনিটমান পিচত ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হোৱাৰ পূৰ্বেই বিলাসীপাৰাৰ এছ, ডি, পি,অ বিৰিঞ্চি বৰাৰ নেতৃত্বত আৰক্ষী আৰু চি,আৰ, পি,এফ বাহিনী আন্দোলনকাৰী প্ৰতিবাদী শিক্ষাৰ্থীসকলক আকস্মিকভাৱে লাঠিচার্জ কৰিবলৈ ধৰাত মহিলাসহ ২৪গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।

আৰক্ষীৰ এনে বৰ্বৰতাত  তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।আৰক্ষীৰ লাঠিচালনাত আহত হোৱা শিক্ষাৰ্থীসকল হ’ল ক্ৰমে চিৰঞ্জীত নম: দাস(এইছ এছ ১ম বৰ্ষ, শালকোচা উঃ মা: বিদ্যালয়), অনুপম বৰ্মন (বালকেৰখাল, ৭ম শ্ৰেণী), অভিজিৎ নাথ(শ্যামৰাইপাৰা),ইছমাইল আলী(শ্ৰীগ্ৰাম),হৃদয় নম: দাস (দ্বাদশ শ্ৰেণী),কৌশিক ৰায়(এইছ, এছ ১ম বৰ্ষ, শালকোচা উঃ মা:), মাছুদ জাকাৰীয়া শ্বেখ(টিলাপাৰা), নয়নজিৎ বৰ্মন(বি,এছ চি ১ম বৰ্ষ, বিলাসীপাৰা কলেজ),অলকেশ বৰ্মন ( এইছ, এছ ২য় বৰ্ষ, শালকোচা উঃ মা:), ফাৰহানা আহমেদ(জাতীয় বিদ্যালয়), অৰ্চনা বৰ্মন ( নৱম শ্ৰেণী), বৰ্ণালী সিংহ (নৱম শ্ৰেণী), ভাস্কৰ বৰ্মন( এইছ এছ ২য় বৰ্ষ), সোণালী বৰ্মন (এইছ, এছ ১ম বৰ্ষ), সীমা বৰ্মন ( এইছ এছ ১ম বৰ্ষ),  বিপ্লৱ বৰ্মন(প্ৰথম বৰ্ষ), লুইচ আহমেদ (এইছ এছ ১ম বৰ্ষ), মিনু বৰ্মন(গৌৰাংটাৰী), ৰশ্মি বৰ্মন ( সপ্তম শ্ৰেণী), ইউনিছ আলী(হাৰকাটা), মাইনুল ইছলাম (এইছ এছ ১ম বৰ্ষ) , প্ৰান্তব বৰ্মন(এইছ এছ ১ম বৰ্ষ) আৰু গেৰাভিটাৰ জগদীশ নাথৰ পত্নী দীপ্তি নাথ।

ইফালে দীপ্তি নাথে তেওঁক পুৰুষ আৰক্ষীয়ে প্ৰহাৰ কৰি আহত কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

আনহাতে চিৰঞ্জীত নম:দাস নামৰ ছাত্রজনৰ চকুত আৰক্ষীয়ে ঘোচা মৰাত সোঁ চকুটো বেয়াভাবে জখম হৈছে বুলিও জানিব পৰা গৈছে।ইপিনে আৰক্ষীৰ লাঠি চালনাৰ পিছতে প্ৰতিবাদী শিক্ষাৰ্থীসকল ৰাজপথৰ পৰা আঁতৰি যায় যদিও একাংশ উত্তেজিত ছাত্ৰ-ছাত্ৰী ‘চানস্বাইন ৰেষ্টুৰেণ্ট এণ্ড আই এম এফ এল অনশ্বপ’ নামৰ বিলাতী সুৰাৰ বিপনীখনৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি মদৰ দোকানখনৰ চাইনবৰ্ড, আচবাব আৰু সুৰাৰ বটলসমূহ ভাঙি চুৰমাৰ কৰি কৰি লণ্ড ভণ্ড কৰে।

উত্তেজিত ছাত্ৰ-ছাত্ৰী সকলে প্ৰায় লক্ষাধিক টকাৰ সুৰাৰ বটল ভাঙি চুৰমাৰ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ছাত্ৰ সংগঠন কেইটাই  শালকোচাৰ  গেৰাভিটাত নতুনকৈ মুকলি কৰা সুৰাৰ বিপনীখন বন্ধ কৰাৰ দাবীত যোৱা ৭ ডিচেম্বৰত  বিলাসীপাৰাৰ মহকুমাধিপতিৰ জৰিয়তে ধুবুৰীৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।

কিন্তু জিলা প্ৰশাসনে এই সন্দৰ্ভত কোনো ধৰণৰ সঁহাৰি নিদিয়াত সংগঠন কেইটাই  ৰাজপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল বুলি জানিবলৈ দিছে।

লগতে ১৫ ডিচেম্বৰত গ্ৰহণ কৰা ৰাজপথ অৱৰোধৰ কাৰ্যসূচী সন্দৰ্ভত যোৱা ১৩ ডিচেম্বৰতে জিলা প্ৰশাসনক লিখিত ভাবে অৱগত কৰোৱা হৈছিল বুলিও সংগঠনকেইটাৰ নেতৃত্বই জানিবলৈ দিছে।

তাৰ পিছতো আৰক্ষীয়ে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি শালকোচাত এইদৰে উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয় বুলি সচেতন মহলে ম’ত পোষণ কৰিছে। বহুতে লগতে এই বুলিও প্ৰশ্ন কৰিছে— কাৰ পক্ষত থিয় দিব এছ, ডি, পি,অ বিৰিঞ্চি বৰাই, সুৰা বেপাৰী নে ৰাইজৰ?

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd