NORTHEAST NOW (Assamese)

আৰক্ষী বিষয়া,সাংবাদিকৰ নেতৃত্বত কৃষ্ণাইত আৰ্তজনৰ কাষত যুৱকৰ দল

April 19, 2020 8:50 am · নীলমণি শৰ্মা

কৃষ্ণাইৰ এটা যুৱকৰ দলে যোৱা কিছুদিনৰ পৰা ল’কডাউনত গৃহবন্দী হৈ থকা বহু সম্বলহীন পৰিয়ালৰ বাবে যেন আশাৰ কিৰণ হৈ থিয় দিছে। কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভুঞা আৰু কৃষ্ণাই প্ৰেছ ক্লাবৰ সভাপতি চৈয়দ ৰবিউল হকৰ নেতৃত্বত দিনে নিশাই দুৰ্গত ৰাইজৰ মাজত চলাই গৈছে সাহায্য অভিযান।

এই কাৰ্য্যত তেওঁলোকক সহায় কৰিছে কৃষ্ণাই বজাৰ অঞ্চলৰ এদল যুৱকে। ল’কডাউনৰ কেইদিনমান পিছৰে পৰা যুৱকৰ দলটোৱে এতিয়ালৈক কৃষ্ণাই বজাৰ, আৰিমাৰা, চাৰিআলি, ঝৰাবড়ী, টুকুৰা, ভেলাখামাৰ, পাইকান আদিকে ধৰি অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ প্ৰায় ১৫০০টা পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে।

আৰক্ষী বিষয়া আৰু সাংবাদিকৰ নেতৃত্বত অব্যাহত থকা এই সাহায্য অভিযানৰ ৰাইজে শলাগ লৈছে। সাহায্য সামগ্ৰী হিচাবে চাউল, ডাইল, আলু আদিৰ লগতে দলটোয়ে প্ৰয়োজন অনুসাৰে ঔষধ পাতিৰো যোগান ধৰি আহিছে। জানিব পৰা মতে জৰুৰীকালীন অৱস্থাত আৰ্তজনে সহজে বিনামূলীয়া ঔষধ পোৱাৰ বাবে কৃষ্ণাই বজাৰৰ ‘ৰাম কৃষ্ণ ড্ৰাকচ এজেন্সী’ত  সকলো ব্যৱস্থা কৰিছ দিছে দলটোৱে।

Related News