• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত চীনৰ আগ্ৰাসন প্ৰতিৰোধৰ পদক্ষেপ কেন্দ্ৰৰ; প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিত সালসলনি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2020 8:37 am
FDI-web
12.1k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আতংকত দেশজুৰি অব্যাহত আছে স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা। ইয়াৰ মাজতে ভাৰতীয় কোম্পানীসমূহৰ পৰিচালনাৰ নিয়ন্ত্ৰণৰ দায়িত্ব যাতে কোনো চুবুৰীয়া দেশৰ হাতলৈ গুচি নাযায় সেয়া নিশ্চিত কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে সেয়েহে প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতি (FDI)ত সালসনি ঘটাইছে। নতুন এই সালসলনি নীতিৰ আওতালৈ আন চুবুৰীয়া দেশৰ লগতে চীনো পৰিব।

শনিবাৰে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে।

কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ অধীনৰ ডিপাৰ্টমেন্ট অফ ইণ্ডাষ্ট্ৰি এণ্ড ইন্টাৰনেল ট্ৰেড (DPIIT)ৰ ফালৰ পৰা কালি এখন প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হয়।

বিজ্ঞপ্তিখনত কোৱা হৈছে যে ভাৰতৰ সীমান্তত অৱস্থিতি এনে কোনো দেশৰ পৰা আৰু প্ৰত্যক্ষভাৱে এইদেশত বিনিয়োগ কৰিব পৰা নাযাব। এই৭এত্ৰত আগতীয়াকৈ চৰকাৰৰ অনুমতি ল’ব লাগিব।

ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত বিদেশী বিনিয়োগকাৰীৰ বাবে দুটা পথ খোলা আছে। প্ৰথমতে বিনিয়োগ কৰিবলৈ ইচ্ছুক বিদেশী সংস্থাসমূহে বিনিয়োগৰ ক্ষেত্ৰত দিল্লীৰ অনুমতি ল’ব লাগিব।

আনহাতে, যিকোনো ভাৰতীয় সংস্থাত বিনিয়োগৰ পূৰ্বে কেন্দ্ৰীয়চৰকাৰৰ অনুমতিৰ প্ৰয়োজন। এইবাৰৰ পৰা ভাৰতৰ সীমান্তৰ চুবুৰীয়া দেশৰ কোনো সংস্থাই ভাৰতত বিনিয়োগৰ বাবে প্ৰথমতেই চৰকাৰৰ অনুমতি লোৱাৰ প্ৰয়োজন হ’ব।

কিন্তু কেবল মাত্ৰ ভাৰতৰ সীমান্তৰ সৈতে সংলগ্ন চুবুৰীয়া দেশসমূহৰ বাবে এই নীতি আৰম্ভ কৰা হ’ল?

বিশ্লেষকসকলৰ মতে চীনৰ সংস্থাসমূহৰ আগ্ৰাসন ৰোধ কৰিবলৈকে কেন্দ্ৰীয় চৰকাৰে এইদৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিৰ সালসলনি ঘটাইছে। তেওঁলোকে ক’ব খোজে যে বৰ্তমান বিশ্বৰ বিভিন্ন দেশত চীনৰ সংস্থাসমূহে বিশাল পৰিমানৰ পুঁজি বিনিয়োগ কৰিছে। আনকি বিভিন্ন সংস্থাৰ পৰিচালনাৰ দায়িত্বও দখল কৰিবলৈ আগবাঢ়িছে চীনৰ সংস্থাই।

ভাৰতীয় সংস্থাসমূহৰ ওপৰতো যে চীনৰ দৃষ্টি আছে তেনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।ভাৰতৰ আগশাৰীৰ গৃহঋণ প্ৰদানকাৰী সংস্থা এইচ ডি এফ চিৰ ১.৭৫কোটি শ্বেয়াৰ চীনৰ পিপল’ছ বেংক অফ চাইনাই ক্ৰয় কৰিছে।

যোৱা জানুৱাৰিৰ পৰা মাৰ্চৰ ভিতৰৰ সময়ছোৱাতে এই লেনদেন সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। এইচ ডি এফ চি য়ে নিয়ম অনুসৰি বিষয়টো ষ্টক এক্সচেঞ্জক নজনোৱা হ’লে হয়তো সেয়া অন্ধাকাৰতে থাকিলেহেঁতেন।

উক্ত বিষয়টোক লৈ যোৱা সপ্তাহত ৰাহুল গান্ধী সৰৱ হৈ পৰিছিল। নতুন নাতি অনুসৰি এতিয়াৰে পৰা চীনৰ প্ৰতিটো বিনিয়োগৰ প্ৰস্তাৱ সুক্ষ্মভাৱে নিৰীক্ষণ কৰি অনুমতিৰ সিদ্ধান্ত ল’ব। চৰকাৰৰ অনুমতি পালেহে তেওঁলোকে বিনিয়োগ কৰিব পাৰিব।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd