• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুখবৰ! অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেলথ স্বৰ্ণ জয়ী নয়নমণি শইকীয়া

ঘোষণা হ'ল ক্ৰীড়াক্ষেত্ৰৰ সন্মানীয় পুৰস্কাৰ বিজয়ীৰ নাম, চাওক সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2022 10:59 pm
Arjuna Award Nayan Moni Saikia
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ক্ৰীড়া জগতলৈ আন এক সন্মান। বিগত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ আকাংক্ষিত স্বৰ্ণ পদক জয়ী অসমৰ এগৰাকী মহিলা খেলুৱৈয়ে পুনৰ এবাৰ গৌৰৱান্বিত কৰি তুলিছে ৰাজ্যক। সোমবাৰে ঘোষণা কৰা চলিত বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে মনোনীত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ লন বল খেলুৱৈ নয়নমণি শইকীয়াই।

বাৰ্মিংহামত ইতিহাস ৰচি কমনৱেলথত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হোৱা গোলাঘাটৰ নয়নমণি শইকীয়া অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱাৰ পাছতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে।

Apply Now

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত লন বলৰ মহিলাৰ শাখাত স্বৰ্ণ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল। খেলুৱৈ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত এগৰাকী ভাৰোত্তোলক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা নয়নমণিয়ে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত লনবলক কেৰিয়াৰ হিচাপে বাচি লৈছিল।

নয়নমণি শইকীয়া সন্মানীয় অৰ্জুন বঁটা লাভ কৰা ষষ্ঠ গৰাকী অসমীয়া হিচাপে পৰিগণিত হ’ব। তেওঁৰ পূৰ্বে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোঁহায়ে অৰ্জুন বঁটা লাভ কৰিছিল।

অৰ্জুন বঁটাৰ লগতে দেশৰ যুৱকল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ে সোমবাৰে ২০২২ বৰ্ষৰ দেশৰ অন্য সন্মানীয় ক্ৰীড়া বঁটাসমূহো ঘোষণা কৰে। অহা ৩০ নৱেম্বৰত নতুন দিল্লীত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে খেলুৱৈসকলক এই সন্মানীয় বঁটা সমূহ প্ৰদান কৰিব।

নয়নমণিসহ দেশৰ ২৫ গৰাকী খেলুৱৈক চলিত বৰ্ষত অৰ্জুন বঁটাৰে সন্মানিত কৰা হ’ব। আনহাতে দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰিছে টেবুল টেনিছ কিংবদন্তী অচন্ত শৰথ কমলে। উল্লেখ্য যে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত তাৰকাগৰাকীয়ে তিনিটাকৈ সোণসহ চাৰিটা পদক লাভ কৰিছিল।

সন্মান লাভ কৰা ক্ৰীড়াবিদসকলৰ তালিকাঃ

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাঃ অচন্ত শৰথ কমল

অৰ্জুন বঁটাঃ সীমা পুনিয়া (এথলেটিকছ), এল্ডহ’জ পল (এথলেটিকছ), অভিনাশ মুকুন্দ চাবলে (এথলেটিকছ), লক্ষ্য সেন (বেডমিণ্টন), এইচ এছ প্ৰণয় (বেডমিণ্টন), অমিত (বক্সিং), নিখাট জাৰীন (বক্সিং), ভক্তি প্ৰদীপ কুলকাৰ্নী (দবা), আৰ প্ৰজ্ঞানান্ধা (দবা), দীপ গ্ৰেচ এক্কা (হকী), সুশীলা দেৱী (জুডো), সাক্ষী কুমাৰী (কাবাড্ডী), নয়ণমণি শইকীয়া (লন বল), সাগৰ কৈলাশ অভালকাৰ (মল্লখাম্ব), এলেভেনিল ভালভাৰিয়ান (শ্বুটিং), ওমপ্ৰকাশ মিথাৰ্ভাল (শ্বুটিং), শ্ৰীজা আকুলা (টেবল টেনিছ), বিকাশ ঠাকুৰ (ৱেইটলিফ্টিং), অংশু (মল্লযুঁজ), সৰিতা (মল্লযুঁজ), পাৰৱীন (উশ্বু), মানসী গিৰিচন্দ্ৰ যোশী (পাৰা বেডমিণ্টন), তৰুণ ধিলন (পেৰা বেডমিণ্টন), স্বপ্নীল সঞ্জয় পাটিল (পেৰা চুইমিং), জাৰ্লিন অনিকা জে (মূক-বধিৰ বেডমিণ্টন)।

দ্ৰোণাচাৰ্য বঁটাঃ জীৱনজ্যোৎ সিং তেজা (আৰ্চাৰী), মহম্মদ আলি কামাৰ (বক্সিং), সুমা সিদ্ধাৰ্থ শ্বিৰুৰ (পেৰা শ্বুটিং), সুজিত মান (মল্লযুঁজ)।

জীৱনজোৰা সাধনাৰ বঁটাঃ দীনেশ জৱাহৰ লাড (ক্ৰিকেট), বিমল প্ৰফুল্ল ঘোষ (ফুটবল), ৰাজ সিং (মল্লযুঁজ)।

জীৱনজোৰা সাধনাৰ ধ্যানচান্দ বঁটাঃ অশ্বিনী অক্কুঞ্জী চি (এথলেটিকছ), ধৰমবীৰ সিং (হকী), বি চি সুৰেশ (কাবাড্ডী), নীৰ বাহাদুৰ গুৰুং (পেৰা এথলেটিকছ)।

ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰঃ ট্ৰান্সষ্টাডিয়া এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড, কলিংগ ইনষ্টিউট অৱ ইণ্ড্ৰাষ্ট্ৰিয়েল টেকন’ল’জী, লাডাখ স্কাই এণ্ড স্ল’ব’ৰ্ড এচ’চিয়েছন।

মৌলানা আবুল কালাম আজাম ট্ৰফীঃ গুৰু নানক দেৱ ইউনিভাৰ্চিটি, অমৃতসৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd