প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগত দাখিল কৰা হৈছে আবেদন।
দেশৰ দুই শীৰ্ষ নেতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় এই আবেদন দাখিল কৰিছে এছ এল শৰ্মা নামৰ এগৰাকী আইনজীৱীয়ে।
বিএছএফৰ প্ৰাক্তন ডিজি ৰাকেশ আস্থানাক চাকৰি কাল শেষ হোৱাৰ ৩দিন পূৰ্বে দিল্লী আৰক্ষীৰ ডিজি পদত নিয়োগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে আদালতক অৱমাননা কৰা বুলি অভিযোগ আনিছে আইনজীৱীগৰাকীয়ে।
উল্লেখ্য যে কেইদিনমান পূৰ্বে ৰাকেশ আস্থানাক দিল্লী আৰক্ষীৰ মুৰব্বীৰ দায়িত্ব দিছিল কেন্দ্ৰীয় চৰকাৰে।
২০১৮চনত চিবিআইৰ দুগৰাকী উচ্চ পদস্থ বিষয়াৰ গোচৰক লৈ সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰিছিল আৰু সেই গোচৰৰ কেন্দ্ৰ বিন্দু আছিল ৰাকেশ আস্থানাৰ লগতে চিবিআইৰ মুৰব্বী আলোক বাৰ্মা।
বাৰ্মাই আস্থানাৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ অনাৰ বিপৰীতে আস্থানাইও বাৰ্মাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল। ইয়াৰ পাছতে দুয়োজনকে তেওঁলোকৰ পদৰ পৰা অঁতৰাই দিয়া হৈছিল।
ইপিনে, ৰাকেশ আস্থানাক বিএছএফৰ পূৰ্বৰ পদত নিয়োগ কৰা হৈছিল আৰু শনিবাৰে তেওঁৰ চাকৰিৰ ম্যাদ অন্ত পৰাৰ কথা আছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে দুদিন পূৰ্বে তেওঁক দিল্লী আৰক্ষীৰ ডিজি পদত নিযুক্তি দি চাকৰি কাল এবছৰ বৃদ্ধি কৰে।
আইনজীৱী শৰ্মাই দাবী কৰে যে আস্থানাৰ চাকৰি কাল এইদৰে বৃদ্ধি কৰি দিল্লী আৰক্ষীত নিযুক্তি দি মোদী আৰু শ্বাহে সৰ্বোচ্চ আদালতক অৱমাননা কৰিছে।
আইনজীৱীগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে এটা গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে চৰকাৰক স্পষ্ট নিৰ্দেশনা দিছিল যে অৱসৰৰ বাবে ছয় মাহ বা তাতোকৈ কম সময় থকা কোনো বিষয়াকে আৰক্ষীৰ কোনো বাহিনীৰ মুৰব্বী পদত নিযুক্তি দিব পৰা নাযাব। এয়া চৰকাৰৰ স্বৈৰাচাৰিতা আৰু সংবিধান তথা আইন উলংঘাৰ ঘটনা।
আইনজীৱী গৰাকীয়ে ইয়াৰ পাছতো নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ক্ষমতাত থকাৰ অধিকাৰক লৈয়ো প্ৰস্ন উত্থাপন কৰিছে।