• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

মিছলীয়া মুখ্য মন্ত্ৰীয়ে বাৰেপতি ভংগ কৰিছে আমাক দিয়া প্ৰতিশ্ৰুতি : প্ৰতিবন্ধী সুৰক্ষা সংস্থা

সংবাদমেলত উদঙালে মিছা প্ৰতিশ্ৰুতিৰ কেইবাটাও তথ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 16, 2020 9:25 pm
প্ৰতিবন্ধী

প্ৰদিবন্ধী সুৰক্ষা সংস্থাৰ সংবাদ মেল সম্বোধন

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে আনিছে প্ৰতাৰণা কৰাৰ অভিযোগ।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মিছলীয়া আখ্যা দিয়াৰ লগতে শাসনলৈ অহাৰে পৰা প্ৰতিশ্ৰুতি ভংগ কৰি অহা বুলি গুৰুতৰ অভিযোগ তোলে।

Apply Now

‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্য মন্ত্ৰী। তেওঁ শাসনলৈ অহাৰ পাছৰে পৰা প্ৰতিবন্ধীসকলক দি অহা প্ৰতিশ্ৰুতি ভংগ কৰি আহিছে।’ মালাকাৰে সংবাদমেলত কয়।

সংবাদমেলত সোণোৱালে দিয়া প্ৰথমটো প্ৰতিশ্ৰুতি উনুকিয়াই দি মালাকাৰে কয় ‘প্ৰতিবন্ধীসকলে ধাৰাবাহিকভাৱে কৰি অহা আন্দোলনৰ পৰিপ্ৰেক্ষিতত ২০১৮ চনৰ ২১ ডিচেম্বৰত মুখ্য মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে গুৱাহাটীত প্ৰতিবন্ধীসকলৰ বাবে এটা আশ্ৰয়গৃহ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কোনো ধৰণৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে। পুনৰ ২০১৯ চনৰ ৭ ডিচেম্বৰত সংস্থাৰ লগত হোৱা এক আলোচনাত মুখ্য মন্ত্ৰীগৰাকীয়ে এবিঘা ভূমি আবন্টনৰ জৰিয়তে পাঞ্জাবাৰীৰ কলাক্ষেত্ৰৰ ওচৰত জিৰণি গৃহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল।’

ইয়াৰোপৰি গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সচিবৰ লগতে কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু দিচপুৰ ৰাজহ চক্ৰ বিষয়াক উদ্যোগ ল’বলৈ নিৰ্দেশ দিছিল বুলি মালাকাৰে সংবাদমেলত জনায়।

‘এই প্ৰতিশ্ৰুতি দিয়াৰ পাছতো বৰ্তমানলৈকে কাৰ্যকৰী কৰা বাদেই, চৰকাৰী বিষয়া অথবা প্ৰশাসনিক বিষয়াক উদ্যোগ ল’বলৈ নিদি এক বেচৰকাৰী সংস্থাকহে জিৰণি ঘৰৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।‘ মালাকাৰে অভিযোগ তুলি কয়।

উক্ত সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে দিয়া দ্বিতীয়টো মিছা প্ৰতিশ্ৰুতি উল্লেখ কৰি মালাকাৰে কয় ‘মুখ্য মন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালে সিদিনা ৰাজ্যত ইতিমধ্যে বিভিন্ন বিভাগত ৬৬৩ টা পদত প্ৰতিবন্ধীক নিযুক্তি দিয়া বুলি কৈছে। দৰাচলতে এয়া গোকাট মিছা কথা। কিয়নো মাত্ৰ ৩৫৪ টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি ৩৫২ টা পদতহে নিযুক্তি দিয়া হৈছে।’

ইয়াৰোপৰি সোণোৱালৰ অন্য এক প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰি মালাকাৰে কয় ‘বিশেষভাৱে সক্ষম লোকৰ বাবে ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ সঁহাৰি পালে শীঘ্ৰে এখন বিশ্ববিদ্যালয় স্থাপনৰ কাম আৰম্ভ কৰিব বুলি মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰিছিল। লগতে ২০১৮ চনৰ ৯ ফেব্ৰুৱাৰিত আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা এক স্মাৰক পত্ৰৰ ভিত্তিত ২০১৮ চনৰ ২০ ফেব্ৰুৱাৰিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ ফাইল নং AS-89078/2017/18/Edu/66163/66164 নম্বৰৰ এক পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰৰ কোনো সুদুত্তৰ নোপোৱাত পুনৰ ২১ মাৰ্চ আৰু ২৩ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে এখন পত্ৰ প্ৰেৰণ কৰে। কিন্তু ৰাজ্য চৰকাৰে এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ বিষয়টো থেলি নিজকে ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে।‘

মুখ্য মন্ত্ৰীগৰাকীৰ এই মিছা প্ৰতিশ্ৰুতি সঁচালৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাই মালাকাৰে লগতে কয় ‘চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন নকৰিলে আগন্তুক দিনত ভয়ংকৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd