NORTHEAST NOW (Assamese)

অখিল গগৈৰ সমৰ্থনত বিশাল পদযাত্ৰা; অংশ ল’লে নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰে

March 24, 2021 2:59 pm · পার্শ্বজোতি গগৈ
শিৱসাগৰত অখিল গগৈৰ সমৰ্থনত পদযাত্ৰাত মেধা পাটকাৰ। ফটো: নৰ্থইষ্ট নাও।

সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন বাকী আছে। কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন।

সকলো ৰাজনৈতিক দল এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। আজি শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ এক বৃহৎ পদযাত্ৰা বাহিৰ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে।

কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ এক বৃহৎ প্ৰতিচ্ছবি লৈ হাজাৰ হাজাৰ লোকে অংশ গ্ৰহণ কৰে এই পদযাত্ৰাত।

শিৱসাগৰৰ দৰিকাপাৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা ষ্টেশ্যন চাৰিআলি হৈ, বিজি ৰোড, অ’এনজিচি ক’লনি হৈ, ফুকন নগৰ গোঁহাই চুক, মেলাচকৰ, কেপি চাৰিআলি, দিখৌদলং, কেন্দ্ৰীয় বজাৰ, মুক্তিনাথ চাৰিআলি, দলমুখ হৈ বাবুপট্টিয়েদি গৈ জেঙনীকটীয়াত অন্ত পৰে।

পদযাত্ৰাত নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰৰ লগতে বহু কেইজন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা, ৰাইজৰ দল-অসম জাতীয় পৰিষদৰ বহু নেতা কৰ্মী আৰু অখিল গগৈৰ মাতৃ-ভগ্নীয়েও অংশ গ্ৰহণ কৰে।

তদুপৰি, আন বহু কেইটা সংগঠনৰ নেতা-কৰ্মীৰ লগতে কেইবা হাজাৰ লোকে এই পদযাত্ৰাত অংশ লয়।

পদযাত্ৰাত অংশগ্ৰহণ কৰি মেধা পাটকাৰে ৰাইজক অখিল গগৈৰ সমৰ্থনত থিয় হ’বলৈ আহ্বান জনায়।

Related News