• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউপিএছচি-ৰ পৰা শিকক, তেওঁলোকৰ প্ৰশ্নকাকত কেতিয়াও ফাদিল নহয়: নিট কেলেংকাৰিক লৈ এনটিএ-ক উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2026 3:43 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নিট-ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ নেচনেল টেষ্টিং এজেন্সী অৰ্থাৎ এন টি এক কঠোৰ সমালোচনা কৰে। নিৰীক্ষণ ব্যৱস্থা আৰু তদাৰক সমিতি থকাৰ পিছতো কেনেকৈ এনে এক বৃহৎ সুৰক্ষা উলংঘন হ‘বলৈ পালে, সেই বিষয়ে ন্যায়ালয়ে প্ৰশ্ন কৰে। দেশৰ সৰ্বোচ্চ পৰীক্ষা ইউ পি এছ চিৰ সৈতে তুলনা কৰি ন্যায়ালয়ে কয় যে ইউ পি এছ চিত এনে ঘটনা কেতিয়াও ঘটা নাই আৰু এন টি এ-য়ে তেওঁলোকৰ পৰা শিক্ষা লোৱা উচিত।

এই বিষয়টোৰ শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কে ৰাধাকৃষ্ণণৰ নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিখন উপস্থিত আছিল। ন্যায়ালয়ে ড০ ৰাধাকৃষ্ণণক প্ৰশ্ন কৰে যে সুৰক্ষা ব্যৱস্থা থকাৰ পিছতো কিয় প্ৰশ্নকাকত ফাদিল হ‘বলৈ পালে। ইয়াৰ উত্তৰত ড০ ৰাধাকৃষ্ণণে কয় যে প্ৰশ্নকাকত প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোত কিছু আসোঁৱাহ আছিল আৰু এতিয়া সেয়া কঠোৰ কৰা হৈছে। তেওঁ জনায় যে সমিতিখনে পৰীক্ষাৰ সুৰক্ষা আৰু পৰিচালনা সুদৃঢ় কৰাৰ বাবে মুঠ ১০১ টা পৰামৰ্শ আগবঢ়াইছে, যাৰ ভিতৰত ৬০ টা পৰামৰ্শ অহা ২০২৫-২৬ বৰ্ষৰ পৰীক্ষাৰ বাবে অতি সোনকালেই কাৰ্যকৰী কৰা হ‘ব।

Apply Now

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল সংস্কাৰেই এই সমস্যাৰ সমাধান নহয়, ইয়াৰ বাবে দায়বদ্ধতাও নিৰ্ধাৰণ কৰিব লাগিব। প্ৰকৃত দোষীক চিনাক্ত নকৰিলে এনে ভুল পুনৰাবৃত্তি হৈয়ে থাকিব বুলি ন্যায়ালয়ে সকীয়াই দিয়ে। ইফালে, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক অৱগত কৰে যে এই সমগ্ৰ বিষয়টো প্ৰধানমন্ত্ৰীয়ে নিজেই তদাৰক কৰি আছে আৰু অহা ২১ জুনত হ‘বলগীয়া পুনৰ পৰীক্ষাৰ পূৰ্বে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

পৰীক্ষা ব্যৱস্থাক অস্থায়ী সমাধানৰ পৰিৱৰ্তে এক স্থায়ী আৰু সুৰক্ষিত গাঁথনি দিবলৈ ন্যায়ালয়ে শিক্ষা মন্ত্ৰালয়ক এখন সবিশেষ শপতনামাও দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এন টি এক অধিক শক্তিশালী কৰিবলৈ এতিয়া আই আই টি আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলৰ সহায় লোৱা হৈছে বুলি ড০ ৰাধাকৃষ্ণণে উল্লেখ কৰে। শেষত, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত পৰা মানসিক চাপৰ কথা স্বীকাৰ কৰি ন্যায়ালয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ বছৰ বছৰ ধৰি কৰা কষ্ট আৰু আৱেগৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থাৰ সংস্কাৰ অতি প্ৰয়োজনীয় আৰু ন্যায়ালয়ে সেয়া নিশ্চিত কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰৰ নীতি আৰু ন্যায়িক হস্তক্ষেপে ভাৰতক বিশ্ব মধ্যস্থতা কেন্দ্ৰ হোৱাত বাধা দিছে: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

July 19, 2026 6:47 pm
আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

July 19, 2026 4:57 pm
৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm
বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰৰ নীতি আৰু ন্যায়িক হস্তক্ষেপে ভাৰতক বিশ্ব মধ্যস্থতা কেন্দ্ৰ হোৱাত বাধা দিছে: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

July 19, 2026 6:47 pm
আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

July 19, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd