NORTHEAST NOW (Assamese)

কমাৰগাওঁ মহাবিদ্যালয়ত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিশেষ কেন্দ্ৰীয় বক্তৃতানুষ্ঠান

September 1, 2019 6:34 am · উত্তম শইকীয়া
ফটো : নৰ্থইষ্ট নাও

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখাৰ উদ্যোগত কমাৰগাঁও মহাবিদ্যালয় আৰু বোকাখাত জিলা সাহিত্য শাখাৰ সহযোগত শনিবাৰে কমাৰগাওঁ মহাবিদ্যালয়ত এক কেন্দ্ৰীয় বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷

জ্যোতিপ্ৰসাদ আগৰৱালৰ শঙ্কৰদেৱ অধ্যয়ন শীৰ্ষক এই অনুষ্ঠানত পৌৰহিত্য কৰে সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড⁰ সুৰেশ চন্দ্ৰ বৰাই ৷

ৰিজু হাজৰিকা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যলয়খনৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা ড⁰ গায়ত্ৰী বৰা কাকতীয়ে আৰু সঙ্ঘৰ সাহিত্য শাখাৰ সম্পাদক মৃণাল কুমাৰ বৰুৱাই ৷

ড⁰ বিজুলী বৰচেতিয়াই দিয়া আদৰণী ভাষণৰ পাছতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকাই আনুষ্ঠানিকভাৱে অনুষ্ঠান উদ্বোধন কৰে ৷

অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে মুখ্য অতিথি হিচাবে আৰু  অভয়াপুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নামধৰ্মৰ সম্পাদক ড⁰ জগত চন্দ্ৰ বৰাই নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰে ৷

বক্তৃতানুষ্ঠানত সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ উপৰিও সঙ্ঘৰ সাহিত্য গৱেষণা পৰিষদৰ সদস্য যুগল বৰগোঁহাই, পৰিকল্পনা আৰু যোগাযোগ উপ সমিতিৰ সম্পাদক প্ৰদীপ হাজৰিকা,কেন্দ্ৰীয় সেৱাবাহিনীৰ উপমুখ্য অধিনায়ক সঞ্জীৱ বৰা, সাহিত্য উপ সচিব শ্ৰীমন্ত হাজৰিকাই অংশ লয়।

তদুপৰি,বোকাখাত জিলা শাখাৰ সভাপতি যোগেশ লয়িং, সম্পাদক দ্বীজেন্দ্ৰ নাথ ৰাজখোৱা ,৮৯ সংখ্যক বোকাখাত অধিৱেশনৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকা, সম্পাদক চন্দ্ৰ কান্ত ভূঞা, বোকাখাত জিলাৰ জিলাধিনায়ক চন্দন বৰাও উপস্থিত থাকে ৷

অনুষ্ঠানত শিশু শিল্পী বৰ্ষাগ্নী ডেকাই গীতেৰে সকলোকে আপ্লুত কৰে ৷

Related News