NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰবক্তা, সাহিত্যিক ড° খেমা সোণোৱালৰ পৰলোকপ্রাপ্তি

January 24, 2019 8:34 pm · মানস প্ৰতিম গগৈ
ড০ খেমা সোণোৱাল। ফাইল ফটো

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰবক্তা তথা সাহিত্যক খেমা সোণোৱাল আজি মাৰ্ঘেৰিটাৰ চেগুনবাৰীস্থিত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰা বাতৰিয়ে মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাতে শোকৰ বন্যা বোৱাইছে। খেমা সোণোৱাল (৫৫) কিছু দিন ধৰি দুৰাৰোগ্য ৰোগত ভূগী আছিল আৰু আজি চিকিৎসাধীন অৱস্থাতে নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

তিনিচুকীয়া জিলাৰ ছৈখোৱা আঢ়ৈমূৰীয়া গাঁৱত জন্ম গ্ৰহণ কৰা খেমা সোণোৱাল বাল্যকালৰ পৰাই মেধাৰ পৰিচয় দি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ত যোগদান কৰিছিল। সোণোৱালে শিক্ষকতাৰ লগতে সমান্তৰালকৈ সাহিত্য ক্ষেত্ৰলৈও বিভিন্ন গল্প, প্ৰৱন্ধ লিখি বৰঙণি আগবঢ়াই গৈছিল।

উল্লেখ্য যে বৃহত্তৰ ছৈখোৱা অঞ্চলৰ পৰা প্ৰথম “ডক্টৰেট” ডিগ্ৰী পোৱা মহিলা আছিল খেমা সোণোৱাল। তদুপৰি, ড° খেমা সোণোৱালে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ বিভিন্ন কৃষ্টি, সংস্কৃতি সন্দৰ্ভতো তথ্য সমৃদ্ধ প্ৰৱন্ধ পাতি লিখি জনগোষ্ঠীটোৰ সাহিত্য ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই থৈ গৈছে।

আনহাতে, খেমা সোণোৱাল, মিলন সোণোৱাল নেতৃত্বাধীন সোণোৱাল কছাৰী স্বায়ত্ব শাসন পৰিষদৰ এগৰাকী জেষ্ঠ উপদেষ্টা আছিল। আজি দিনৰ ১ বজাত তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধৰে মাৰ্ঘেৰিটাৰ বাসগৃহ ভৰি পৰে।

এনে এগৰাকী সৰবৰহী, শিক্ষিতা, সমাজ সচেতন মহিলাৰ অকাল বিয়োগত মাৰ্ঘেৰিটাৰ দল সংগঠনৰ উপৰিও বিভিন্ন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

সৰবৰাহী প্ৰবক্তাগৰাকীৰ মৃত্যুত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি,সোণোৱাল কছাৰী স্বায়ত্ব শাসন পৰিষদৰ প্ৰাক্তন মূখ্য কাৰ্য্যবাহী সদস্য মিলন সোণোৱাল ,সোণোৱাল পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিপুল সোণোৱাল , সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলং,হালালী যুৱ মঞ্চ, সোণোৱাল কছাৰী জাতীয় পৰিষদ,মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, সাংবাদিক মানস প্ৰতিম গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি,মাৰ্ঘেৰিটা মহাবিদ্যালয় ছাত্ৰ একতা সভা ,মাৰ্ঘেৰিটা মহাবিদ্যালয় পৰিয়াল তথা স্থানীয় কেইবাটাও দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

খেমা সোণোৱালে মৃত্যুৰ সময়ত তেওঁৰ স্বামীৰ উপৰিও দুগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।

Related News