DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰবক্তা, সাহিত্যিক ড° খেমা সোণোৱালৰ পৰলোকপ্রাপ্তি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 24, 2019 8:34 pm
margherita (1)

ড০ খেমা সোণোৱাল। ফাইল ফটো

782
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰবক্তা তথা সাহিত্যক খেমা সোণোৱাল আজি মাৰ্ঘেৰিটাৰ চেগুনবাৰীস্থিত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰা বাতৰিয়ে মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাতে শোকৰ বন্যা বোৱাইছে। খেমা সোণোৱাল (৫৫) কিছু দিন ধৰি দুৰাৰোগ্য ৰোগত ভূগী আছিল আৰু আজি চিকিৎসাধীন অৱস্থাতে নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

তিনিচুকীয়া জিলাৰ ছৈখোৱা আঢ়ৈমূৰীয়া গাঁৱত জন্ম গ্ৰহণ কৰা খেমা সোণোৱাল বাল্যকালৰ পৰাই মেধাৰ পৰিচয় দি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ত যোগদান কৰিছিল। সোণোৱালে শিক্ষকতাৰ লগতে সমান্তৰালকৈ সাহিত্য ক্ষেত্ৰলৈও বিভিন্ন গল্প, প্ৰৱন্ধ লিখি বৰঙণি আগবঢ়াই গৈছিল।

উল্লেখ্য যে বৃহত্তৰ ছৈখোৱা অঞ্চলৰ পৰা প্ৰথম “ডক্টৰেট” ডিগ্ৰী পোৱা মহিলা আছিল খেমা সোণোৱাল। তদুপৰি, ড° খেমা সোণোৱালে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ বিভিন্ন কৃষ্টি, সংস্কৃতি সন্দৰ্ভতো তথ্য সমৃদ্ধ প্ৰৱন্ধ পাতি লিখি জনগোষ্ঠীটোৰ সাহিত্য ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই থৈ গৈছে।

আনহাতে, খেমা সোণোৱাল, মিলন সোণোৱাল নেতৃত্বাধীন সোণোৱাল কছাৰী স্বায়ত্ব শাসন পৰিষদৰ এগৰাকী জেষ্ঠ উপদেষ্টা আছিল। আজি দিনৰ ১ বজাত তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনেক গুণমুগ্ধৰে মাৰ্ঘেৰিটাৰ বাসগৃহ ভৰি পৰে।

এনে এগৰাকী সৰবৰহী, শিক্ষিতা, সমাজ সচেতন মহিলাৰ অকাল বিয়োগত মাৰ্ঘেৰিটাৰ দল সংগঠনৰ উপৰিও বিভিন্ন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

সৰবৰাহী প্ৰবক্তাগৰাকীৰ মৃত্যুত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি,সোণোৱাল কছাৰী স্বায়ত্ব শাসন পৰিষদৰ প্ৰাক্তন মূখ্য কাৰ্য্যবাহী সদস্য মিলন সোণোৱাল ,সোণোৱাল পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিপুল সোণোৱাল , সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলং,হালালী যুৱ মঞ্চ, সোণোৱাল কছাৰী জাতীয় পৰিষদ,মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, সাংবাদিক মানস প্ৰতিম গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি,মাৰ্ঘেৰিটা মহাবিদ্যালয় ছাত্ৰ একতা সভা ,মাৰ্ঘেৰিটা মহাবিদ্যালয় পৰিয়াল তথা স্থানীয় কেইবাটাও দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

খেমা সোণোৱালে মৃত্যুৰ সময়ত তেওঁৰ স্বামীৰ উপৰিও দুগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd