• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনাথ সিঙৰে মুখ্য মন্ত্ৰীৰ বৈঠক : বৈধ ভাৰতীয় নাগৰিকে এন আৰ চিক লৈ শংকিত হ’ব নালাগে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2019 3:01 pm
sonowal-with-rajnath

সৰ্বানন্দ সোণোৱাল আৰু ৰাজনাথ সিঙৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কেন্দ্রীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নতুন দিল্লীৰ নৰ্থ ব্লকত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত পৰৱৰ্ত্তী পৰিস্থিতি আৰু গুৱাহাটীৰ জু-ৰোডত শেহতীয়াকৈ হোৱা গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সম্পৰ্কতো সবিশেষ আলোচনা কৰা হয়।

বৈঠকৰ অন্তত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অসমৰ ৰাইজে এতিয়া শান্তি বিচাৰে। অসমৰ জনসাধাৰণে বোমা বিস্ফোৰণৰ লেখীয়া নাৰকীয় কাণ্ড সংঘটিত হোৱাটো নিবিচাৰে। অসমৰ জনসাধাৰণে শান্তি, সমন্বয় আৰু ভাতৃত্ববোধৰ বান্ধোনেৰে থাকিব বিচাৰে। সেয়েহে গুৱাহাটীৰ জু-ৰোডত সংঘটিত ঘৃণনীয় বিস্ফোৰণক জনসাধাৰণে একেমুখে গৰিহণা দিছে। শান্তিপূৰ্ণ পৰিবেশ বিঘ্নিত কৰিব বিচৰা সন্ত্ৰাসবাদীক চৰকাৰে কেতিয়াও ৰেহাই নিদিয়ে।

Apply Now

গুৱাহাটী মহানগৰীৰ গ্ৰেনেড বিস্ফোৰণত জড়িত থকা সকলক অসম আৰক্ষীয়ে অতি কম সময়ৰ সময়ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাটো প্ৰশংসনীয়। অসমৰ জনসাধাৰণে হত্যা, হিংসা নিবিচাৰে। মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে শান্তিপূৰ্ণ পৰিবেশ অক্ষুণ্ন ৰাখি ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বিচাৰিছে। ৰাজ্যৰ শান্তি প্ৰক্ৰিয়া বিঘ্নিত কৰিব পৰা শক্তিসমূহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও মুখ্য মন্ত্ৰীয়ে দোহাৰে। আগন্তুক দিনত অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ জনসাধাৰণৰ শান্তি-সম্প্ৰীতি অটুত ৰখাৰ স্বাৰ্থত আৰু সকলোৰে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিতকৰণৰ স্বাৰ্থত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

অহা ৩১ জুলাইত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিশটোৰ বিষয়ে উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এই সম্পৰ্কত আলোচনা কৰা হৈছে। মুখ্য মন্ত্ৰীয়ে কয় যে চূড়ান্ত তালিকা প্ৰকাশৰ সময়ত যাতে কোনো ধৰণৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে ৰাইজৰ সহযোগত একে লগতে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অংশ খচৰা আৰু চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত যাতে কোনোধৰণৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে ৰাইজৰ সহযোগত একে লগে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অংশ খচৰা আৰু চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত যেনেদৰে অসমৰ ৰাইজে শান্তি-শৃংখলা বজাই ৰাখি সহযোগিতা আগবঢ়াইছিল ঠিক তেনেধৰণে চূড়ান্ত তালিকা প্ৰকাশৰ সময়তো তদানুৰূপ পৰিৱেশ আটুত ৰখাৰ দিশত ৰাইজৰ সহযোগিতা মুখ্য মন্ত্ৰীয়ে কামনা কৰিছে।

এই সম্পৰ্কত মুখ্য মন্ত্ৰীয়ে লগতে কয় যে সকলোৱে এই গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত আস্থা ৰাখি সহযোগিতা আগবঢ়াব লাগিব। এইটো হ’ল এক ৰাষ্ট্ৰীয় দায়িত্বষ আমি সকলোৱে এই দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়। এই গোটেই প্ৰক্ৰিয়াটোত কোনো বৈধ নাগৰিকে যাতে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় সেই দায়িত্ব ৰাজ্য চৰকাৰে নিষ্ঠাৰে পালন কৰি যাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে চৰকাৰে স্বচ্ছতা আৰু নিকা মানসিকতাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এই সমগ্ৰ প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ দিশত সহযোগিতা আগবঢ়াইছে আৰু জনসাধাৰণে এই দিশত ইতিবাচক দৃষ্টিভংগীৰে সহযোগিতা আগবঢ়াই আহিছে।

অসমৰ প্ৰতিগৰাকী নাগৰিকৰ নিৰাপত্তা প্ৰদানৰ দায়িত্ব চৰকাৰৰ আছে বুলি উল্লখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰত নিৰাপত্তা নিশ্চিত কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

আনহাতে, এইক্ষেত্ৰত  অসুবিধাৰ সন্মুখিন হ’লে ৰাজ্য চৰকাৰক বিশেষভাৱে অৱগত কৰিবলৈ মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়। মুখ্য মন্ত্ৰীয়ে কয় যে এন আৰ চি প্ৰস্তত কৰাৰ পোনপটীয়া দায়িত্ব যদিও ৰাজ্যিক এন আৰ চি সমন্বয়কৰ, তথাপি এই ক্ষেত্ৰত ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ লৈ আহিছে। ভবিষ্যতেও এনেধৰণৰ সহযোগিতা ৰাজ্য চৰকাৰে আগবঢ়াই যাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে সোণোৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি আছে। কোনো বৈধ ভাৰতীয় নাগৰিকৰ নাম যাতে এন আৰ চিৰ পৰা বাদ পৰি নাযায় সেই দিশত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এন আৰ চি কৰ্তৃপক্ষক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াই আহিছে।এই ক্ষেত্ৰত জনসাধাৰণক আস্বস্ত কৰি মুখ্য মন্ত্ৰীয়ে কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকে এন আৰ চিক লৈ কোনো ধৰণৰ শংকিত হ’ব নালাগে। দাবী আৰু আপত্তি নিষ্পত্তিৰ শুনানিত জনসাধাৰণক অংশ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰি আহিছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে বৰ্তমানৰ চৰকাৰ থকালৈকে সকলো নাগৰিকৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰা হ’ব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে হোৱা আজিৰ এই বৈঠকত কেন্দ্ৰীয় গেহ সচিব জে এছ চৈনী, ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd