কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ দেহাৱসান

mrinal

কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মৃণাল সেন। ফাইল ফটো

বাংলা সমান্তৰাল চলচ্চিত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মৃণাল সেনৰ আজি কলকাতাৰ নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ৰ তেওঁৰ বয়স আছিল ৯৫ বছৰ।

জানিব পৰা মতে, বাৰ্দ্ধক্যজনিত ৰোগত আজি পুৱা ১০ বাজি ৩০ মিনিটত সেনৰ পৰলোকপ্ৰাপ্তি ঘটে।

আন্তৰ্জাতিক চলচ্চিত্ৰ জগতত আঞ্চলিক সমান্তৰাল ছবিৰ এগৰাকী যুগস্ৰষ্টা হিচাপে তেওঁৰ সমসাময়িক চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায় আৰু ঋত্বিক ঘটকৰ সৈতে মৃণাল সেনৰ নাম সদায় স্মৰণ কৰা হয়।

তেওঁ ১৯৫৫ চনত ‘ৰাত ভোৰে’ নামৰ কাহিনী ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতা হিচাপে ভূমুকি মাৰে। এই ছবিখনত বিশিষ্ট অভিনেতা উত্তম কুমাৰে অভিনয় কৰিছিল। মৃণাল সেনক তেওঁৰ ‘’নীল আকাশেৰ নীচে’’, বাইশে শ্ৰাৱণ’’, ‘’ভূৱন সোম’’ আৰু ‘’আকালেৰ সন্ধানে’’ৰ দৰে চলচ্চিত্ৰৰ বাবে চলচ্চিত্ৰ সমালোচকসকলে অতি উচ্চ প্ৰশংসা কৰি আহিছে।

উল্লেখযোগ্য যে মৃণাল সেনে ১৯৮২ চনত ‘ত্ৰিপুৰা প্ৰসংগ’ নামৰ তথ্যচিত্ৰ এখনো নিৰ্মাণ কৰিছিল। ত্ৰিপুৰা চৰকাৰৰ বিত্তীয় সাহায্যত এই তথ্যচিত্ৰখন সেনে নিৰ্মাণ কৰিছিল।

১৯২৩ চনৰ ১৪মে’ত বৰ্তমান বাংলাদেশৰ ফৰিদপুৰত মৃণাল সেনৰ জন্ম হৈছিল। কলকাতালৈ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিবলৈ আহি সেনে চলচ্চিত্ৰ কলা সম্পৰ্কত এখন গ্ৰন্থ অধ্যয়ন কৰাৰ পাছত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আকৰ্ষিত হৈ পৰে।

ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত হোৱাৰ লগতে সেনে ২০০৫ চনত তেওঁ দেশৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰে। তদুপৰি, ১৯৮৩ চনত তেওঁ দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ বঁটা লাভ কৰে।

মৃণাল সেনৰ মৃত্যু বিশ্বৰ চলচ্চিত্ৰ জগতৰ বাবে এক ক্ষতি বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

আনহাতে, সেনৰ মৃত্যুত দেশৰ অজস্ৰ গুণমুগ্ধই ছচিয়েল মিডিয়া যোগে শোক প্ৰকাশ কৰাৰ লগতে কিংবদন্তি চলচ্চিত্ৰ পৰিচালক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচিছে।