• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিংবদন্তি নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2022 9:18 am
1.1k
VIEWS
Share on FacebookShare on Twitter

দেশৰ এগৰাকী কিংবদন্তি নৃত্যশিল্পী, কথক নৃত্যৰ সাধক পণ্ডিত বিৰজু মহাৰাজৰ ৮৩ বছৰ বয়সত দেহাৱসান ঘটিছে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰসিদ্ধ নৃত্যশিল্পীগৰাকীয়ে।

দেওবাৰে নিশা দিল্লীৰ বাসভৱনত নাতিয়েকৰ সৈতে খেলি থকাৰ মাজতে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁক ততাতয়াকৈ দিল্লীৰ ছাকেট হাস্পাতাললৈ নিয়া হয় যদিও তাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

বিগত বহুদিন ধৰি কিংবদন্তি নৃত্যশিল্পীগৰাকী কিডনিৰ সমস্যাত ভূগি আছিল।

১৯৩৭চনৰ ৪ ফেব্ৰুৱাৰীত লক্ষ্ণৌৰ এটি প্ৰখ্যাত কথক নৃত্যশিল্পীৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল বিৰজু মহাৰাজে। জন্মসূত্ৰে তেওঁৰ নাম আছিল ব্ৰীজমোহন নাথ মিশ্ৰ। তেওঁৰ গুৰু আছিল পিতৃ অচ্ছন মহাৰাজ।

লগতে পঢ়ক: Covid Update: ৰাজ্যত অব্যাহত কোভিডৰ দ্ৰুত সংক্ৰমণ; নতুনকৈ ২৪ ঘন্টাত কিমান হ’ল আক্ৰান্ত?

শিশুশিল্পী হিচাপেই তেওঁ পিতৃৰ সৈতে মঞ্চত অংশগ্ৰহণ কৰিছিল। কিশোৰ কালতে তেওঁৰ নামৰ সৈতে ‘গুৰু’ উপাধি সাঙোৰ খাই পৰিছিল। নৃত্য প্ৰথম প্ৰেম আছিল যদিও শাস্ত্ৰীয় সংগীতৰ ওপৰতো তেওঁৰ প্ৰভুত দখল আছিল।        

মাত্ৰ ২৮ বছৰ বয়সতে সংগীত নাটক একাডেমী পুৰস্কাৰ লাভ কৰিছিল বিৰজু মহাৰাজে। ১৯৮৩চনত ভাৰত চৰকাৰে তেওঁক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। তেওঁ কালিদাস সন্মানেৰেও সন্মানিত হৈছিল।

পণ্ডিত বিৰজু মহাৰাজে কেইবাখনো ছবিত ক’ৰিওগ্ৰাফী কৰিছিল। তেওঁ সত্যজিৎ ৰায়ৰ ‘শতৰঞ্জ কি খিলাড়ী’তো কাম কৰিছিল। তেওঁ  ‘দেবদাস’, ‘বাজীৰাও মস্তানি’ৰ দৰে ছবিতো কৰিঅ’গ্ৰাফী কৰিছে। তেওঁ ‘বিশ্বৰূপম’ ছবিৰ কৰিঅ’গ্ৰাফীৰ বাবে চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল।

লগতে পঢ়ক:দুৰ্দান্ত লক্ষ্য সেন! বিশ্ব চেম্পিয়নক হৰুৱাই ইণ্ডিয়া অ’পেন বেডমিন্টনৰ খিতাপ ভাৰতীয় তৰুণ শ্বাটলাৰৰ

দেশৰ অগণন নৃত্যপ্ৰেমী জনগণৰ প্ৰিয় নৃত্যশিল্পীগৰাকীৰ মৃত্যুত নৃত্য জগতৰ লগতে সৰ্বত্ৰ শোকৰ ছাঁ পৰিছে। 

Recent News

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

মাটি-ভেটিৰ সুৰক্ষাৰ কথা পাহৰি আদানিৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

ধুবুৰী আৱৰ্ত্ত ভৱনৰ বাহিৰত ৰহস্যজনক দেৱাল লিখন! দেশবিৰোধী শক্তিৰ হাত থকাৰ সন্দেহ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

থাৰ্মেল পাওৱাৰ প্ৰকল্পৰ নামত আদানী গ্রুপক প্ৰদান বিটিআৰৰ শ শ বিঘা ভূমি : তীব্ৰ গৰিহণা এবছুৰ

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

আমি এক তৃতীয় বিশ্ব যুদ্ধৰ ফালে গতি কৰি আছোঁ নেকি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd