• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কম বিদেশী চিনাক্ত হোৱাটো ৰাজ্যৰ বাবে কিয় মংগল? ১৫ লাখ বিদেশীক খুওৱাৰ খৰচ বছৰত হ’ব প্ৰায় ৫ লাখ কোটি টকা

বাস্তৱতাৰ লগত সম্পৰ্কৰহিত চিন্তাৰ দাস হৈ আমি এন আৰ চিত বাদ পৰা সংখ্যা আৰু বাঢ়িব লাগিছিল বুলি চিঞৰি মৰিছো

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
September 1, 2019 12:32 am
Logo_of_NRC_Assam-1140x570-1024x512

প্ৰতিনিধিত্বমূলক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ ৰাজ্যৰ অৰ্থনীতি আৰু উন্নয়নৰ পটভূমিত লাভজনক প্ৰমাণিত হ’ব নে?

এন আৰ চিৰ “সফলতা”ত উপনীত হোৱাৰ পিছত বাদ পৰা ১৯ লাখ লোকৰ ১৫ লাখকো যদি আমি বিদেশী বুলি চিনাক্ত হোৱাটো আশা কৰো, তেন্তে এই বিদেশীসকলক ডিটেনশ্যন কেম্পত ৰাখি প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়াৰে বহিষ্কাৰ কৰাটোও এটা দাবী হ’ব, যিটোৰ বাবে আমি বহুত কিবাকিবি বিসৰ্জন দিবলৈ ৰাজি থাকিব লাগিব।

Apply Now

আমাৰ বাট-পথ নিৰ্মাণৰ ধন, আমাৰ শিক্ষা-স্বাস্থ্যৰ ধন, আমাৰ ৰাজহুৱা কল্যাণৰ ধন, আমাৰ সামগ্ৰিক উন্নয়নৰ ধন, উদ্যোগ স্থাপন আদিৰ ধনৰ মোটা অংশ এই প্ৰক্ৰিয়াটোত খৰচ কৰিবলৈ আমি চৰকাৰক অনুমতি দিব লাগিব।

কাৰণ এইবোৰ বতাহতে নহয়। এইবোৰ কৰোঁতে প্ৰতিজন মানুহৰ বাবত চৰকাৰৰ খৰচ পৰিব। বিদেশী ন্যায়াধিকৰণ প্ৰতিষ্ঠা, ন্যায়াধীশ নিযুক্তি, বিচাৰ প্ৰক্ৰিয়া চলাই নিয়া আদিত চৰকাৰে প্ৰচুৰ ধন খৰচ কৰিব লাগিব।

আনকি বিদেশী বুলি চিনাক্ত হোৱা প্ৰতিজনক বহিষ্কাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ নুঠালৈকে ডিটেনশ্যন কেম্পত ৰাখোতে প্ৰতিজন লোকৰ দৈনিক যি খৰচ পৰিব তাক যদি ১৫ লাখৰ হিচাপেৰে পূৰণ কৰা হয়, সি হৈ পৰে এটা অভাৱনীয় ডাঙৰ ৰাশি।

দৈনিক গাইপতি ৩০০ টকাকৈ ১৫ লাখ বিদেশীক ৰখাৰ খৰচ হ’য় দৈনিক প্ৰায় ৪৫ কোটি টকা। মাহত ১৩৫০ কোটি টকা। আৰু বছৰত হয়গৈ ৪৯২৭৫০,০০,০০,০০০ টকা। অৰ্থাত প্ৰায় ৫ লাখ কোটি টকা। যিটো ৰাজ্য চৰকাৰ বাদেই, কেন্দ্ৰীয় চৰকাৰেও বহন কৰাটো প্ৰায় অসম্ভৱ।

২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট প্ৰাককলন মতে, ৰাজ্য চৰকাৰে বছৰটোত বিভিন্ন শিতানত পাব পৰা ৰাজহৰ পৰিমাণ ১ লাখ কোটি টকাতকৈও কম।

বুলেট ট্ৰেইনৰ প্ৰকল্পৰ বাজেট হ’ল ১.১ লাখ কোটি টকা। গতিকে এবছৰ ১৫ লাখ বিদেশীক খুৱাবলৈ এনেকুৱা বৃহৎ বৃহৎ উন্নয়নমূলক কাম বা পদক্ষেপ বলিদান দিব লগীয়া হ’ব। একোজন বিদেশী তিনি-চাৰি বছৰ, আনকি ৫-১০ বছৰো ডিটেনশ্যন কেম্পত ৰাখিব লগীয়া হয়। ই আমাৰ সমস্ত উন্নয়ন স্তব্ধ কৰি নিদিবনে?

গতিকে, বাস্তৱতাৰ লগত সম্পৰ্ক ৰহিত চিন্তাৰ দাস হৈ আমি এন আৰ চিত বাদ পৰা সংখ্যা আৰু বাঢ়িব লাগিছিল বুলি চিঞৰি মৰিছো।

প্ৰতিজন বিদেশীৰ বাবত চৰকাৰে খৰচ কৰিব লগীয়া প্ৰতিটো টকা নাগৰিকৰ উপাৰ্জনৰ পৰাই যাব (চৰকাৰৰ ধন আমাৰেই)।

আনহাতে বাংলাদেশৰ সৈতে ভাৰত চৰকাৰৰ বিদেশী প্ৰত্যৰ্পণ চুক্তি নথকা বাবে বিদেশীসকলক বহিষ্কাৰ কৰাটো সহজ নহ’ব। ইতিমধ্যে এন আৰ চিৰ প্ৰকাশৰ পিছতে বাংলাদেশৰ বিদেশ মন্ত্ৰীয়ে বাদপৰা লোকসকল বাংলাদেশৰ নাগৰিক নহয় বুলি মন্তব্য কৰিছেই। অলপতে অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ক প্ৰদান কৰা বহিষ্কৃত বিদেশীৰ সংখ্যায়ো আমাক এখন বাস্তৱ ছবি দিয়ে।

২০১৫-১৮ চনৰ ভিতৰত বহিষ্কৃত বিদেশীৰ সংখ্যা মাত্ৰ ৪জন। ইয়াতেই এই প্ৰক্ৰিয়াটোৰ দুৰূহতা আৰু বিদেশী সমস্যাটোৰ অনতিক্ৰম্যতা গম পাব পাৰি।

গতিকে বাস্তৱিক কথাটো হ’ল, যিমান কম বিদেশী চিনাক্ত হয়, ৰাজ্যখনৰ সিমানেই মংগল। ৰাজহৰ বৃহত অংশ অনৰ্থক কামত খৰচ হোৱাৰ পৰা বাছি যাব।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd